ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৩ নৱেম্বৰঃ অপেক্ষাকৃতভাৱে কিছু উন্নত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাৰীৰীক অৱস্থা। গগৈৰ স্বাস্থ্য বৰ্তমানে সুস্থিৰ আছে যদিও তেওঁ মুঠেই সংকটমুক্ত নহয়।
উল্লেখ্য যে কৰোনাত আক্ৰান্ত হোৱাৰ পাছত বাৰুকৈয়ে স্বাস্থ্যৰ অবনতি ঘটিছিল গগৈৰ। তাৰ পাছতে গুৱাহাটী চিকিতসা মহাবিদ্যালয়ত তৃতীয়বাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজনক।
ক’ভিডৰ পৰা কিছু সুস্থ হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছিল তৰুণ গগৈক। কিন্তু সোমবাৰে পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে তৰুণ গগৈ।
দেহত অক্সিজেনৰ মাত্ৰা হঠাতে কমি যোৱাৰ ফলত পুনৰ তেওঁক ভৰ্তি কৰোৱা হয়। গুৱাহাটী চিকিতসা মহাবিদ্যালয় তৰফতেই কোৱা হৈছে যে বৰ্তমান গগৈৰ স্বাস্থ্য সুস্থিৰ যদিও তেওঁ সংকটমুক্ত নহয়।
উল্লেখ্য যে বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত আছে তৰুণ গগৈ। উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ কথা আছিল যদিও বৰ্তমান তেনেধৰণৰ কোনো পৰিকল্পনা নাই বুলি গগৈৰ পৰিয়ালৰ তৰফত প্ৰকাশ কৰা হৈছে।
