
Wonder of Udalguri Man-made forests
ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৫ অক্টোবৰঃ বন আৰু প্ৰকৃতি সংৰক্ষণৰ অপূৰ্ব নিদৰ্শনৰ সাক্ষী হৈ ৰল ওদালগুৰি। প্ৰায় ৬০০ হেক্টৰ পৰিত্যক্ত ভূমিত ১২ লক্ষাধিক গছপুলি ৰোপণ কৰি গঢ়ি তোলা হল মানৱ সৃষ্ট বিশাল অৰণ্য।
বাস্তৱত ওদালগুৰি জিলাৰ অৰুণাচল প্ৰদেশ সীমান্তৰ মানৱ সৃষ্ট এই অৰণ্য এতিয়া বন্যজন্তুৰ নিৰাপদ বিচাৰণভূমি। ধনশ্ৰী বন সংমণ্ডল আৰু বালিপাৰা ফাউণ্ডেচনৰ সহযোগত ওদালগুৰিৰ ৬২জন যুৱকে সাতখন জইন্ট ফৰেষ্ট মেনেজমেন্ট কমিটি গঠন কৰি ২০১৫ চনত গ্ৰহণ কৰিছিল বনানিকৰণৰ এই অভিযান।
বনানিকৰণৰ এই প্ৰয়াস সফল হোৱাৰ পিছত এতিয়া ভৈৰৱকুণ্ডৰ সেউজীয়া আৱৰণে আকৰ্ষণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক। ধনশ্ৰী মানৱ সৃষ্ট অৰণ্যই গোলকীয় উষ্ণতা ৰোধৰ লগতে জৈব্য বৈচিত্ৰ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। স্থানীয় প্ৰকৃতিপ্ৰেমীৰ এই নিদৰ্শনত আপ্লুত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমীয়ে।
ধনশ্ৰী অৰণ্যৰ পৰিচালনা সমিতিক দেশ বিদেশৰ বিভিন্ন সংগঠনে আগবঢ়াইছে সহায়ৰ হাত। চচিয়েল মেডিয়াত জনোৱা আহ্বানক সঁহাৰি জনাই বহুতে জইন্ট ফৰেষ্ট মেনেজমেন্ট কমিটিক প্ৰদান কৰিছে একাধিক ওৱাইল্ড লাইভ ফটোগ্ৰাফী কেমেৰাকে ধৰি দূৰবিনযন্ত্ৰও। বন সংৰক্ষন ব্যৱস্থাপনাৰ বাবে সংগ্ৰহ কৰি থকা হৈছে পুঁজিও।
