Breaking News

আজমল মুখ্যমন্ত্ৰী হোৱাত আপত্তি ক’ত? প্ৰশ্ন সাংসদ অজিত ভূঞাৰ

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৮ অক্টোবৰঃ এইবাৰ বৰলৰ বাহক জোকাই লৈছে সাংসদ অজিত কুমাৰ ভূঞা। শিৱসাগৰ প্ৰেছ ক্লাৱত হোৱা এক মত বিনিময় অনুষ্ঠানত সাংসদ ভূঞাৰ প্ৰশ্ন– চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ যদি অসম সাহিত্য সভাৰ সভাপতি হ’ব, তেন্তে বদৰুদ্দিন আজমলৰ দৰে মুছলমান এজন মুখ্যমন্ত্ৰী কিয় হ’ব নোৱাৰে কিয়?

উল্লেখ্য যে কবি সাহিত্যিক চামচুল বাৰিকে আঁতধৰা উক্ত মত বিনিময় অনুষ্ঠানত অজিত কুমাৰ ভূঞাৰ লগতে মনজিৎ মহন্ত, লাচিত বৰদলৈ আৰু ৰাছেল হুছেইন উপস্থিত থাকে।

ভূঞাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বিধানসভা নিৰ্বাচন সমাগত। গতিকে বিজেপিয়ে পুনৰ গাদী দখল কৰিবলৈ ৰাজনৈতিক ৰণকৌশল হিচাপে উজনিত হিন্দু হিন্দু আৰু নামনিত মুছলমান মুছলমান চিঞৰি ৰাজনীতি আৰম্ভ কৰিছে।

‘নিৰ্বাচন আহিলেই দাড়ি আৰু টুপি দেখুৱাই ভোট লোৱাৰ বাহিৰে তেওঁলোকৰ আন এজেণ্ডা নাই।’– সাংসদ ভূঞাই এনেদৰে কয়।

বৰ্তমান সময়ত আজমলৰ বাহিৰে বিজেপিৰ আন একো এজেণ্ডা নাই। স্বাস্থ্যত কি হ’ল, শিক্ষাত কি হ’ল, নিৱনুৱা সমস্যা সমাধানত কি হ’ল, মূল্যবৃদ্ধি ৰোধত কি হ’ল?

সেইবোৰৰ উত্তৰ নাই। সকলো ফালে কেৱল আজমল আজমল আৰু আজমল। ভূঞাৰ তাতপৰ্যপূৰ্ণ মন্তব্য– এনআৰচিৰ ভিত্তিবৰ্ষ যদি ১৯৫১ চনও হয় তেতিয়াও বদৰুদ্দিন আজমল বিদেশী বুলি চিনাক্ত নহয়।

Vinkmag ad

Eastern Times

Read Previous

মানৱ অধিকাৰৰ পৰিপন্থী মাদ্ৰাছা শিক্ষা : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শর্মা

Read Next

এছ আই কেলেংকাৰিঃ ধৃত সঞ্জীত কৃষ্ণৰ মুখত ‘ডাঙৰ ডাঙৰ মানুহ’ৰ নাম

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.