Breaking News

এবছৰত ৰাইজে কি পালে, ক’ত কি ব্যয় কৰিলে : বিত্তমন্ত্ৰীৰ হিচাপ-নিকাচ

What did Rise get this year, where did he spend it: Finance Minister

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ সমাগত বিধানসভা নিৰ্বাচন। সেয়েহে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে দাখিল কৰা লেখাদুনাদন বাজেটত বিগত সময়ছোৱাত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে সবিশেষ উল্লেখ কৰে।

বিত্তমন্ত্ৰীজনে বিধানসভাৰ মজিয়াত প্ৰদান কৰা তথ্য অনুসৰি নাৰী সৱলীকৰণ আঁচনিৰ লগতে সামাজিক নিৰাপত্তাকলৈ গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে এতিয়ালৈকে লাভান্বিত হোৱা আৰু ব্যয় হোৱা তথ্য এনেধৰণৰঃ

 অৰুণোদয় আঁচনিৰ পৰা লাভান্বিত হৈছে, ১৭,২৫,৫৯০ গৰাকীৰো অধিক মহিলা।

অৰুন্ধতী স্বৰ্ণ আঁচনিৰ পৰা লাভান্বিত হৈছে ১৮১৫গৰাকী কন্যা। এই আঁচনিৰ বাবে ব্যয় হৈছে ৭ কোটি ২৬ লাখ টকা।

→  কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত ১,৯৯,৭০৫টা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সনৰ অধীনত ১,৬৯,৯৩০গৰাকী মহিলাক ২৫০ টকাকৈ পেন্সন দিয়া হৈছে ২০২০-২১ বৰ্ষৰ ভিতৰত। মহিলাসকলে ৬০ বছৰ বয়সলৈ এই সুবিধা লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে।

দীনদয়াল দিব্যাংগজন পেন্সন আঁচনিৰ জৰিয়তে ১,৬০,৬১২ গৰাকী হিতাধিকাৰীক ১০০০ টকাকৈ মাহিলি ভাট্টা প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত মুঠ ৯৬.৩৬ কোটি টকা খৰচ হৈছে এতিয়ালৈ।

 জ্যেষ্ঠ নাগৰিকৰ বাবে ২৫০ টকাকৈ দিয়া মাহিলি বৃদ্ধ পেন্সন ২০২০-২১ চনৰ ভিতৰত মুঠ ১২,৫৬,৬৯৮গৰাকী নাগৰিকে লাভ কৰিছে। ইয়াৰ বাবে ৰাজকোষৰ পৰা ওলাইছে ৭৭৪.৪৮ কোটি টকা।

আনহাতে চাহ বাগিচাৰ শ্ৰমিক কল্যাণৰ বাবে লোৱা ভিন্ন আঁচনিৰ তথ্য এনেধৰণৰঃ

 ছাইমন সিং হোৰো জলপান আঁচনিৰ অধীনত ২০১৯ চনৰ পৰা এতিয়ালৈ ২০৫১গৰাকী চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক ১০ হাজাৰকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে।

 শ্বহীদ দয়াল দাস পাণিকা স্বনিয়োজন আঁচনিৰ অধীনত ২৫,০০০ টকাকৈ এককালীন মঞ্জুৰি প্ৰদান কৰিছে ২০১৯-২০ৰ ভিতৰত ১১,০৯০ গৰাকী হিতাধিকাৰীক। এইক্ষেত্ৰত ব্যয় হৈছে ২৭৭.২৫ লাখ।

 চাহ বাগিচাৰ গৰ্ভৱতী-অস্থায়ী মহিলা শ্ৰমিকৰ বাবে প্ৰসৱকালীন সাহায্য আঁচনি অনুযায়ী ১২,০০০ টকাকৈ এককালীন সাহায্য দ্বাৰা ৪৭,৫২০গৰাকী গৰ্ভৱতী মহিলা উপকৃত হৈছে। ব্যয় হৈছে ৩২.৭৪ কোটি টকা।

 অসম চাহ বাগিচা ধন পুৰস্কাৰ যোজনাৰ অধীনত ৭.৫ লাখ বেংক একাউণ্টত দুটা পৰ্যায়ত ৩৮২.৪১ কোটি টকা আৰু তৃতীয় পৰ্যায়ত ২৩১.১৪ কোটি মোকলাই দিয়া হৈছে।

Vinkmag ad

Eastern Times

Read Previous

ৰাষ্ট্ৰীয় বিকাশৰ হাৰক চেৰ পেলাই’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লেখানুদান বাজেট

Read Next

নিৰ্বাচন আহি আছে! ৰাজ্যত হ্ৰাস পালে পেট্ৰ’ল-ডিজেল, সুৰাৰ মূল্য

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.