ইষ্টাৰ্ন টাইমছ, ২২ অক্টোবৰঃ পৰীক্ষামূলকভাৱে কৰোনা ভাইৰাছৰ ভেকছিন লৈ এজন স্বেচ্ছাসেৱকৰ মৃত্যু হোৱাৰ বাতৰিয়ে বিশ্বজুৰি তীব্ৰ চাঞ্চল্য় সৃষ্টি কৰিছে। এষ্ট্ৰাজেনেকা আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ে যৌথ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা এই ভেকচিনৰ দ্বাৰা স্বেচ্ছাসেৱকৰ মৃত্যুৰ বাতৰি প্ৰদান কৰিছে ব্ৰাজিলৰ স্বাস্থ্য সংস্থা এনভিছাই।
পৰীক্ষণৰ গোপনীয়ৰ খাতিৰত উক্ত লোকজনৰ পৰিচয় জানিবলৈ দিয়া হোৱা নাই। কিন্তু তেওঁ ব্ৰাজিলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উল্লেখ্য ভেকচিনৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ পিছত এষ্ট্ৰাজেনেকাৰ শ্বেয়াৰত ১.৭ শতাংশ হ্ৰাস হোৱা দেখা গৈছে।
জানিব পৰা মতে, অতি ৰহস্যজনকভাৱে ব্ৰাজিল চৰকাৰে স্বেচ্ছাসেৱকৰ মৃত্যুৰ পিছতো এষ্ট্ৰাজেনেকা আৰু অক্সফোৰ্ড বিশ্ববিদ্যালয়ক ভেকচিনৰ সম্পৰীক্ষা চলাই যাবলৈ অনুমতি প্ৰদান কৰিছে।
