Breaking News

অৰুণাচলত অসম ৰাইফলছ-এন এছ চি এনৰ মাজত তুমুল সংঘর্ষ

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৭ অক্টোবৰঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত ৱাংচুৰ চেংককৰ ঘন অৰণ্যত শণিবাৰে পুৱাৰ ভাগত ৬ নং অসম ৰাইফলছ আৰু এন এছ চি এন (কে) গোটৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলিয়াগুলীৰ ঘটনা।

গোপন সূত্ৰৰ পম খেদি ৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে ঘন অৰণ্যত অভিযান চলাই এজন এন এছ চি এন ( কে) গোটৰ দুধৰ্ষ কেডাৰক সংঘৰ্ষত গুলিয়াই হত্যা কৰে। মৃত কেডাৰ জনৰ নাম গানজন ৱাংছা বুলি জানিব পৰা গৈছে।

কেডাৰ গৰাকীৰ পৰা সেনাই এটা পিষ্টল সহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। নগা উগ্ৰপন্থী এন এছ চি এন(কে)ৰ এটা ১০-১২ জনীয়া দলে উক্তস্থানত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিয়ে এই অভিযান চলাইছিল যদিও ঘন অৰণ্যৰ সুযোগ লৈ উগ্ৰপন্থী দলটোৰ আন আন কেডাৰ সকল পলাই হাৰিবলৈ সক্ষম হয়।

শণিবাৰে সন্ধিয়ালৈকে অঞ্চলটোত সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা। উল্লেখ্য যে কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সেনাৰ এখন পানী টেংকাৰৰ এম্বুচ কৰি এন এছ চি এনে এজন ভাৰতীয় সেনাক হত্যা কৰাৰ লগতে আন এজন সেনা জোৱান এই এম্বুচৰ গুৰুতৰ ভাৱে আহাত কৰিছিল।

আৰু তাৰ পাছৰে পৰা উগ্ৰপন্থী বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ অভিযান অব্যাহত ৰাখিছিল।

Vinkmag ad

Eastern Times

Read Previous

ভোকাতুৰৰ দেশলৈ পৰ্যবেশিত প্ৰধানমন্ত্ৰীৰ ‘নব্য ভাৰত’ # ক্ষুধাৰ সূচকত পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকা, ম্যানমাৰকো পিছ পেলালে ভাৰত

Read Next

গেৰুৱা বস্ত্ৰ নিপিন্ধিলে শিল্পীয়ে জীয়াই থকাৰ সুবিধা নাপাব নেকি? প্ৰশ্ন মানস ৰবীনৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.