
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাকলৈ কেন্দ্ৰীয় চৰকাৰ ততপৰতা অৱলম্বন কৰিছে। সাৰ কাৰখানাটো কাৰ্যক্ষম কৰি ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেবিনেট কমিটিয়ে আজি ১০০ কোটি টকাৰ অনুমোদন জনাইছে।
কোৱা হৈছে এই ১০০ কোটি টকাৰ অনুদানেৰে নামৰূপ সাৰ কাৰখানাৰ পৰা বছৰি ৩.৯ লাখ মেট্ৰিক টন সাৰ উতপাদন কৰা সম্ভৱপৰ হব।
উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক সংক্ৰান্ত কেবিনেট কমিটিৰ বৈঠকত এই অনুমোদন জনোৱা হয়।
কেবিনেট বৈঠকৰ পাছত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা হৈছে যে ‘আত্ম নিৰ্ভৰ ভাৰত’ গঢ়াৰ লক্ষ্যেৰে অৰ্থনৈতিক সংক্ৰান্ত কেবিনেট কমিটিয়ে নামৰূপ সাৰ কাৰখানাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
কোৱা হৈছে অতি পুৰণা আৰু অচল প্ৰযুক্তিৰ বাবে নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটটোৰ পৰা উতপাদিত সাৰ এতিয়া ব্যয়বহুল হৈ থকা নাই। তদুপৰি কাৰখানাটো এতিয়া বিপজ্জনকো হৈ পৰিছে।
সেয়েহে যন্ত্ৰপাতি মেৰামতি তথা আধুনিকীকৰণৰ বাবে কেবিনেট কমিটিয়ে উক্ত পৰিমাণৰ পুঁজি আবন্টন কৰিছে।
কোৱা হৈছে কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোটটো উন্নীতকৰণ কৰি বছৰি উতপাদন কৰিব লগীয়া ৩.৯ লাখ মেট্ৰিক টন সাৰে অসমকে ধৰি সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ কৃষিকৰ্যৰ লগতে চাহ উদ্যোগতো অৰিহনা যোগান ধৰিব।
তদুপৰি ১০০ কোটি টকাৰ অনুদানেৰে সাৰ কাৰখানাটোত কৰ্মৰত ৫৮০ জন স্থায়ী আৰু ১৫০০ জন অস্থায়ী কৰ্মচাৰীৰ চাকুৰীও বাহাল থাকিব।
কেন্দ্ৰীয় সাৰ বিভাগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিখনত এয়াও দাবী কৰা হৈছে যে আজি অনুমোদন জনোৱা ধনৰাশিৰে কাৰখানাটোৰ সৈতে পৰোক্ষভাৱে জড়িত ২৮,০০০ লোকেও হেনো বিভিন্ন ভাৱে উপকৃত হব।
উল্লেখ্য যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ বাবে অলপতে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে কেন্দ্ৰীয় সাৰমন্ত্ৰী সদানন্দ গৌড়াই নতুন দিল্লীত এখন বৈঠকত মিলিত হৈ আশাৰ বাণী শুনাইছিল যদিও কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এইক্ষেত্ৰত কোনো সঁহাৰি জনোৱা নহল।
