ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৭ অক্টোবৰঃ ভাৰতীয় বায়ুসেনাত অসমৰ প্ৰথম গৰাকী মহিলা উইং কমাণ্ডাৰ হিচাপে উজলি উঠিল লখিমপুৰৰ বর্ণালী গগৈ। প্রয়াত প্রেমধৰ গগৈ আৰু অঞ্জলি (ইলা) গগৈৰ কন্যা বর্ণালী গগৈক লৈ এতিয়া কেৱল লখিমপুৰবাসীয়েই নহয়, সমগ্র ৰাজ্যই গৌৰৱান্বিত হৈ পৰিছে।
সৰুৰে পৰা অতি মেধাৱী তথা ক্রীড়া, সাংস্কৃতিক আদি সকলো দিশতে পটু বর্ণালীয়ে ১৯৯৬ চনৰ ২৭ মে’ত বায়ুসেনাত পাইলট অফিচাৰ ৰূপে যোগদান কৰিছিল। যোগদানৰ পিছৰ পৰাই তেওঁ মেধা আৰু একাগ্রতা তথা কর্মনিষ্ঠাৰ বাবে দোপতদোপে আগুৱাই যাবলৈ ধৰিলে।
পাইলট অফিচাৰৰ পিছত ফ্লায়িং অফিচাৰ, ফ্লাইট লেফটেনেণ্ট আদি পদলৈ পদোন্নতি হোৱাৰ পিছত অলপতে অসমৰ পৰা প্রথম মহিলা হিচাপে উইং কমাণ্ডাৰ পদত যোগদান কৰে। উল্লেখ্য যে ১৯৮৫ত তেওঁ যোৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বৰ্ণালীয়ে মাধ্যমিপকত ৰাজ্যৰ ভিতৰত ১৬ সংখ্যক স্থান লাভ কৰিছিল। পিছত গুৱাহাটীৰ কটন কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল বৰ্ণালীয়ে।
পৰৱর্তী সময়ত তেওঁ অসম ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইলেক্ট্র’নিক্স এণ্ড টেলি কমিউনিকেচনত অভিযন্তা হিচাপে প্রথম শ্রেণীত প্রথম হৈ সোণৰ পদক লাভ কৰিছিল। বিৰলা ইনষ্টিটিউট এণ্ড টেকন’লজী ছায়েঞ্চ প্রতিষ্ঠানৰ পৰা তেওঁ এমটেক ডিগ্রী গ্রহণ কৰে।
আনহাতে বায়ুসেনাত কর্তব্যপৰায়ণতাৰ বাবে তেওঁ দুবাৰকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০০২ বর্ষত তেওঁ ৰাষ্ট্রপতিৰ বঁটাও লাভ কৰিছিল।
