
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিবই লাগিব। অন্যথা ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসত দিল্লীৰ ৰাজপথত ট্ৰেক্টৰ মিছিল কৰিব আন্দোলনৰত কৃষকসকলে। বৃহস্পতিবাৰে চৰকাৰৰ উদ্দেশ্যে দিয়া হৈছে এই সকীয়নি।
ট্ৰেক্টৰ মিছিল কৰি কৃষকসকলে দিল্লী স্তব্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে। ইয়াৰ বাবে হৰিয়ানা, পাঞ্জাবৰ পৰা ইতিমধ্যে ট্ৰেক্টৰেৰে কৃষকসকলে দিল্লী অভিমুখে ৰওনা হৈছে।
বৃহস্পতিবাৰে দিল্লীগামী ইষ্টাৰ্ন-ৱেষ্টাৰ্ন এক্সপ্ৰেছৱেত ইয়াৰে আখৰা চলিল কিষান পেৰেডৰ জৰিয়তে। স্বভাৱতই অৱৰুদ্ধ হৈ পৰে ৰাজধানী দিল্লী মহানগৰ।
ইপিনে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক সংগঠনসমূহে পুনৰ আলোচনাত মিলিত হব। উল্লেখ্য যে বৃহস্পতিবাৰ আছিল কৃষক আন্দোলনৰ ৪৩তম দিন।
ট্ৰেক্টৰ মিছিল সন্দৰ্ভত দিল্লী আৰক্ষীৰ যুটীয়া আয়ুক্ত শালিনী সিঙৰ বক্তব্য– দিল্লীৰ ভিতৰত মিছিল প্ৰৱেশ কৰাৰ কোনো কথা নাই। আৰক্ষীয়ে সেই অনুসৰি ব্যৱস্থাও লৈছে। পিছে দিল্লীৰ উপকণ্ঠত কিছু সমস্যা হব পাৰে। সেয়েহে ছিৰচা আৰু বিল আকবৰপুৰৰ পৰা সোনিপতমুখী গাড়ী দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বজালৈকে এক্সপ্ৰেছৱেত সোমাবলৈ দিয়া নহব।
ইপিনে সিংঘু সীমান্তত কৃষক সংগঠনসমূহৰ উমৈহেতীয়া মঞ্চৰ হৈ যোগেন্দ্ৰ যাদবে জনাইছে যে ২৬ জানুৱাৰীত আমি যি কাৰ্যসূচী লৈছো তাৰে আখৰা আছিল বৃহস্পতিবাৰ। ২৬ জানুৱাৰীত সিংঘু, টিকৰি, গাজিয়াবাদ, হৰিয়ানাৰ ৰেৱাসানৰ পৰা ট্ৰেক্টেৰেৰে কৃষকসকলে দিল্লী এক্সপ্ৰেছৱেৰ দিশে আগ্ৰসৰ হব। নিৰ্দিষ্ট এটা ঠাইত সকলো প্ৰান্তৰ পৰা অহা কৃষকসকলে সমবেত হৈ বিক্ষোভথলীলৈ উভতি যাব।
ইপিনে দিল্লী আৰক্ষীৰ ধাৰণা, ২৬ জানুৱাৰীত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লীৰ পথত ২,৫০০ ট্ৰেক্টৰ ওলাব পাৰে।
পিছে ২৬ জানুৱাৰীৰ পূৰ্বেই কৃষকসকলৰ আবেদনৰ শুনানী লব পাৰে উচ্চতম ন্যায়ালয়ে। ১১ জানুৱাৰীত মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমণিয়ানেৰ বিচাৰপীঠে এই শুনানী গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
লক্ষ্যনীয়ভাৱে ইয়াৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ হৈ এটৰ্নী জেনাৰেল কে কে বেনুগোপালে ন্যায়ালয়ৰ ওচৰত প্ৰকাশ কৰিছে যে ৮ জানুৱাৰীৰ বৈঠকত কৃষকসকলৰ সৈতে কেন্দ্ৰই সহমতত উপনীত হোৱাৰ সম্ভাৱনা আছে।
