
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ হাজাৰ প্ৰত্যাহ্বানক নেওচি অসমত কংগ্ৰেছ মহাজোট মূৰ দাঙি উঠিছে। কংগ্ৰেছৰ আভ্যন্তৰীন সমীক্ষাত এনেই এক ইংগিত পোৱা গৈছে। পিছে আসন্ন বিধানসভা নিৰ্বাচনত নতুনকৈ জন্ম লোৱা দুই ৰাজনৈতিক দলে অসমত বিজেপিৰ কোনো ক্ষতি নকৰে। ধৰ্মীয় মেৰুকৰণেৰে বিজেপিয়ে হিন্দু ভোটাৰৰ আস্থা অটুট ৰাখিবলৈ সক্ষম হৈছে।
বিশেষকৈ উজনি অসমত বিজেপিৰ বৰ্ণ হিন্দুৰ ভোট বেংক এতিয়াও অক্ষুণ্ণ আছে। সম্পূৰ্ণ অক্ষুণ্ণ আছে চাহ জনগোষ্ঠীয় ভোটাৰসকলৰ বিজেপিৰ প্ৰতি আনুগত্য।
এক বেচৰকাৰী তথা নিৰপেক্ষ সংস্থাৰ জৰিয়তে কংগ্ৰেছে চলোৱা প্ৰাৰম্ভিক সমীক্ষাত অসমত বিশেষকৈ উজনি অসমত কংগ্ৰেছে সন্মুখীন হব লগীয়া বৃহত প্ৰত্যাহ্বানৰ বিষয়টো প্ৰতিফলিত হৈছে।
লক্ষ্যনীয়ভাৱে কেৱল কংগ্ৰেছ বুলি নহয় কংগ্ৰেছে গঢ়ি তোলা মহাজোটৰ সম্ভাৱনাকলৈ এই সমীক্ষা চলোৱা হৈছে।
যোৱা ২১ জানুৱাৰীত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ ওচৰত দাখিল কৰা প্ৰতিবেদনখনত মূলত উজনি তথা মধ্য অসমৰ মুঠ ৪৩টা বিধানসভা সমষ্টিৰ ওপৰত আলোকপাত কৰা হৈছে।
প্ৰতিবেদনখনত স্পষ্টকৈ কোৱা হৈছে যে উজনি অসমত কংগ্ৰেছৰ এতিয়া কোনো নেতা নাই। এটা সময়ত কংগ্ৰেছৰ গড় হিচাপে পৰিচিত উজনি অসমত থকা কংগ্ৰেছৰ নেতাসকল হয় এতিয়া প্ৰয়াত অন্যথা কাৰ্যক্ষম নহয় বুলি উল্লেখ কৰা হৈছে।
কোৱা হৈছে চাহ জনগোষ্ঠীয় ভোটাৰসকলৰ মাজত কংগ্ৰেছৰ প্ৰতি আস্থা এতিয়া সম্পূৰ্ণ নোহোৱা হৈছে।
আনহাতে ৰাজ্যত নতুনকৈ গঠন হোৱা দুই ৰাজনৈতিক দল ক্ৰমে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে উজনিত বৰ্ণ হিন্দু ভোট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও বিজেপিয়ে শেষ মুহূৰ্তত ধৰ্মীয় মেৰুকৰণৰে বৰ্ণ হিন্দুৰ ভোট পুনৰ দখল কৰিবলৈ সক্ষম হব বুলি প্ৰতিবেদনখনত কংগ্ৰেছৰ হৈ আশংকা ব্যক্ত কৰা হৈছে।
ইয়াৰ বিপৰীতে বিজেপি বিৰোধী হিন্দু ভোট কংগ্ৰেছ আৰু নতুনকৈ গঠন হোৱা দুই ৰাজনৈতিক দলৰ মাজত বিভাজিত হোৱাৰো সম্ভাৱনা আছে। এইক্ষেত্ৰত এজেপিক সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাইজৰ দলক কাৰাবন্দী থকা হেতু কৃষক নেতা অখিল গগৈৰ সহানুভূতিয়ে বিজেপি বিৰোধী ভোট আদায় কৰিবলৈ যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে।
সেয়েহে উজনি অসমত কংগ্ৰেছৰ এজন হেভীৱেট নেতাক নিয়োগ কৰিবলৈ প্ৰতিবেদনখনৰ জৰিয়তে কংগ্ৰেছ হাইকমাণ্ডক পৰামৰ্শ প্ৰদান কৰা হৈছে।
কোৱা হৈছে উজনিত জাতীয়তাবাদী শিবিৰৰ ভোট এইবাৰ বিজেপিৰ মিত্ৰদল হিচাপে অগপৰ পৰিবৰ্তে এজেপি আৰু ৰাইজৰ দলহে লাভ কৰিব। তদুপৰি সমীক্ষাটোয়ে কংগ্ৰেছক মুঠেই হতাশ কৰা নাই।
লক্ষ্যনীয়ভাৱে কংগ্ৰেছে একক ভাৱে নহয়, কংগ্ৰেছৰ মিত্ৰজোটৰ সম্ভাৱনাকলৈহে ৰাজনৈতিক গৱেষণা তথা পৰামৰ্শদাতা এক কোম্পানীৰ জৰয়িতে এই সমীক্ষা চলাইছিল। সংস্থাৰ প্ৰতিবেদনতো এআইইউডিএফৰ সৈতে মিত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
মন কৰিব লগীয়া যে কংগ্ৰেছে উজনি আৰু মধ্য অসম, নিম্ন অসম আৰু বৰাক উপত্য়কাৰ সমষ্টিসমূহৰ বাবে তিনিটা সুকীয়া সুকীয়া সমীক্ষা চলাইছিল। প্ৰথম পৰ্যায়ত উজনি অসমৰ সমীক্ষা আগবঢ়োৱা হৈছে।
সমীক্ষা অনুসৰি উজনি আৰু মধ্য অসমৰ মুঠ ৪৩ খন আসনৰ ভিতৰত কংগ্ৰেছৰ মহাজোটে ১৯ খন আসনত জয়ী হোৱাৰ সম্ভাৱনা আছে। আন ৭ খন আসনত মিত্ৰদলৰ সৈতে লগ লাগি জীকাৰ সম্ভাৱনা ৫০-৫০ বুলি কোৱা হৈছে।
ইয়াৰ বিপৰীতে ১০ খন আসনত কংগ্ৰেছ মহাজোটৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰা হৈছে। বাকী ৭ খন আসনত কংগ্ৰেছ তথা ইয়াৰ মিত্ৰদলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব যদিও চেষ্টা কৰিলে শেষ মুহূৰ্তত জয় লাভ কৰিবও পাৰে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
সমীক্ষা প্ৰতিবেদন অনুসৰি চামাগুৰি, ধিং, নাওবৈচা, লহৰিঘাট আৰু যমুনামুখত কংগ্ৰেছ আৰু মিত্ৰজোটৰ ৭০ শতাংশ জয়ৰ সম্ভাৱা আছে। যোৰহাট সমষ্টিত ৬৫ শতাংশ, ডিগবৈ, তিতাবৰ, আমগুৰি, শিৱসাগৰ, নাজিৰা, থাওৰা, দেৰগাওঁ, সৰুপথাৰ, বোকাঘাট, ডুমডুমা, ৰহা আৰু গহপুৰত ৬০ শতাংশ জয়ৰ সম্ভাৱনা থকা বুলি প্ৰকাশ পাইছে। বঢ়হমপুৰত ৫৫ শতাংশ জয়ৰ সম্ভাৱনাৰ কথা কোৱা হৈছে।
আনহাতে মাৰ্ঘেৰিটা, দুলিয়াজান, মৰিয়ণি, টিওক, লামডিং, তেজপুৰ আৰু বিহপুৰিয়াত কংগ্ৰেছ মহাজোটৰ ৫০ শতাংশ জয়ৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰা হৈছে।
কোৱা হৈছে দিছপুৰ, মহমাৰা আৰু নগাওঁত ৪৫ শতাংশ আৰু ডিব্ৰুগড়, চাবুৱা, হোজাই আৰু জাগীৰোডত ৪০ শতাংশ জয়ৰ সম্ভাৱনা আছে।
গোলাঘাট, বটদ্ৰবা আৰু মৰিগাওঁত জয়ৰ সম্ভাৱনা আছে মাত্ৰ ৩০ শতাংশ। টিংখং আৰু নাহৰকটিয়াত ২৫ শতাংশ, মৰাণ, লহৱাল, সোনাৰি, কলিয়াবৰ আৰু খুমটাইত জয়ৰ সম্ভাৱনা আছে মাত্ৰ ২০ শতাংশ।
লক্ষ্যনীয়ভাৱে ৩০ শতাংশ তথা ইয়াৰ তলত থকা আসনসমূহ কংগ্ৰেছ কিম্বা মহাজোটে কোনোপধ্যেই জয়লাভ কৰিব নোৱাৰে। ৪০ আৰু ৪৫ শতাংশ জয়ৰ সম্ভাৱনা থকা আসনসমূহক বৃহত প্ৰত্যাহ্বান স্বৰূপ চিহ্নিত কৰা হৈছে।
৫০ শতাংশ জয়ৰ সম্ভাৱা থকা আসনসমূহক আধা সম্ভাৱনা থকা আসন আৰু ৫৫ শতাংশ তথা ইয়াৰ ঊৰ্ধ্বত থকা আসনসমূহক জীকিব পৰা আসন হিচাপে চিহ্নিত কৰা হৈছে।
সমষ্টিগত ভাৱে প্ৰতিবেদনখনত জীকিবলৈ সক্ষম সম্ভাব্য প্ৰাৰ্থীৰ কথাও দাঙি ধৰা হৈছে।
কোৱা হৈছে চামগুৰি আৰু লহৰিঘাট, নাজিৰা, সৰুপাথাৰ, ডুমডুমা, মৰিয়ণিত বৰ্তমানৰ কংগ্ৰেছ বিধায়ক, ধিং, নাওবৈচা আৰু যমুনামুখত কংগ্ৰেছৰ সমৰ্থনত এআইইউডিএফৰ বৰ্তমান বিধায়কসকল জিকিব পাৰিব।
যোৰহাটত ৰানা গোস্বামী, ডিগবৈত মনোজ ধানোৱাৰ, তিতাবৰত দীপ গগৈ নিচিনা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ কোনোবা এজনক, আমগুৰিত যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী অংকিতা দত্ত, শিৱসাগৰত শুভ্ৰা মিত্ৰ গগৈ, থাওৰাত সুশান্ত বৰগোহাই, দেৰগাওঁত আৰতি হাজাৰিকা কছাৰিক প্ৰাৰ্থীত্ব প্ৰদানৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।
লক্ষ্যনীয়ভাৱে বোকাঘাটত জীতেন গগৈৰ নিছানা নিৰ্দলীয় কোনোবাক সমৰ্থন দিয়াৰ পৰামৰ্শ দিয়া হৈছে কংগ্ৰেছক। গহপুৰত প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাক প্ৰাৰ্থীত্ব প্ৰদানৰ কথা উল্লেখ কৰা হৈছে।
প্ৰতিবেদনখনত ৰহা আৰু বঢ়হমপুৰ সমষ্টিৰ বাবে কোনো প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হোৱা নাই যদিও বঢ়হমপুৰৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ মতামতক গুৰুত্ব দিবলৈ কোৱা হৈছে।
দুলীয়াজানত কংগ্ৰেছক নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। টিওকত কোৱা হৈছে কংগ্ৰেছ বহুধা বিভক্ত। সমষ্টিটোত কংগ্ৰেছ ঐক্যবদ্ধ হলেহে জয়ী হব পাৰিব। এইক্ষেত্ৰত গায়েত্ৰী সন্দিকৈ কিম্বা পল্লৱী বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।
একেদৰে বিহপুৰীয়াত বূপেন বৰা, দিছপুৰত অকন বৰা, মহমাৰাত সুৰজ দেহেংগীয়া, জাগীৰোডত বিবেকানন্দ দোলেৰ নাম প্ৰস্তাৱ দিয়া দিয়া হৈছে। আন সমষ্টিবোৰত যোগ্য প্ৰাৰ্থী আগবঢ়াবলৈ কিম্বা মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে সমীক্ষা প্ৰতিবেদনটোত।
