ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৬ নৱেম্বৰঃ পঞ্চভূতত বিলীন হল আধুনিক অসমৰ স্ৰষ্টা তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে বৃহস্পতিবাৰে সম্পন্ন কৰা হয় প্ৰয়াত নেতাগৰাকীৰ শেষকৃত্য।
অশ্ৰুশিক্ত নয়নেৰে বিয়লি ৩:২৪ বজাত পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰে পিতৃ তৰুণ গগৈৰ নশ্বৰ দেহত। আহোম আৰু হিন্দু দুয়োটা পৰম্পৰাৰ সকলো ৰীতি-নিয়মৰ মাজেৰে সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।
পঞ্চভূতত বিলীন হোৱাৰ পূৰ্বে গগৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত গগৈ, তৰুণ গগৈৰ পত্নী ডলি গগৈক ধৰি অজস্ৰজনে।
বাস্তৱত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।
যিসকল গুণমুগ্ধই ভিতৰত প্ৰৱেশ কৰিব পৰা নাই সেইসকলৰ বাবে শ্মশানৰ বাহিৰত স্থাপন কৰা বৃহত স্ক্ৰীনত অন্তেষ্টিক্ৰিয়াৰ দৃশ্য দেখুৱাৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে, যোৱা ২৩ নৱেম্বৰত সন্ধ্যা ৫:৩৪ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল গগৈয়ে।
ইয়াৰ পিছত তেওঁৰ নশ্বৰ দেহ ২৪ নৱেম্বৰত চৰকাৰী আবাসগৃহ, ৰাজীৱ ভৱনলৈ নি সন্ধিয়াৰ ভাগৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে ৰখা হয় কলাক্ষেত্ৰত।
বৃহস্পতিবাৰে পুৱা ৭:৪০ বজাত কলাক্ষেত্ৰৰ পৰা পোনে পোনে চৰকাৰী বাসগৃহলৈ লৈ যোৱা হয় গগৈৰ নশ্বৰদেহ।চৰকাৰী বাসগৃহত পৰিয়ালৰ কৰিবলগীয়া ধৰ্মীয় প্ৰথাখিনি আহোম পৰম্পৰা অনুসৰি সম্পন্ন কৰে।
পুৱা ৯ বজাত চৰকাৰী বাসগৃহৰ পৰা গীৰ্জা, মছজিদ, মন্দিৰ হৈ গগৈৰ অন্তিম যাত্ৰা সমাপ্ত হয়।
