
ইষ্টাৰ্ন টাইমছ, ১৩ অক্টোবৰ, নতুন দিল্লীঃ এই মুহূৰ্তত বিটিচিত চলি থকা ৰাজ্যপালৰ শাসন সাংবিধানিকভাৱে অবৈধ। সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ সকলো ৰীতি-নিয়ম বংগ কৰি বিটিচিত এতিয়া ৰাজ্যপালৰ শাসন চলি আছে।
সেয়েহে তুৰন্তে বিটিচিত চলি থকা ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ কৰি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আবেদনেৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে চলিত বছৰত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ দুই মধ্যস্থতাকাৰী ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচ আৰু থুলুংগা বছুমতাৰীয়ে।
বাস্তৱত বিটিচিত চলি থকা ৰাজ্যপালৰ শাসনৰ বৈধতাক প্ৰত্যাহ্বান জনাই তেওঁলোকে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত এই আবেদন জনায়।
মংগলবাৰে নতুন দিল্লীৰ আছাম মিডিয়া চেন্টাৰত এখন সংবাদমেল সম্বোধন কৰি ৰাজকুমাৰ পৃথ্বিৰাজে কয় যে ষষ্ঠ অনুচ্ছেদৰ অধীনত থকা অঞ্চলসমূহত ৰাজ্যপালৰ শাসন বলবৎ হোৱাৰ দিনটোৰ পৰা যিদিনা সংশ্লিষ্ট ৰাজ্যখনত প্ৰথমটো বিধানসভা অধিবেশন আৰম্ভ হব তাৰ ৩০ দিনৰ ভিতৰত বিধানসভাৰ অনুমোদন লাভ কৰাটো বাধ্যতামূলক।
সংবাদমেলত বড়ো শান্তি চুক্তিৰ মধ্যস্থতাকাৰীজনে প্ৰকাশ কৰা মতে, চলিত বছৰৰ ২৭ এপ্ৰিলত বিটিচিত ৰাজ্যপালৰ শাসন বলবত হোৱাৰ পিছত ৩১ আগষ্টত অসম বিধান সভাৰ অধিবেশন অনুষ্ঠিত হৈছিল। কিন্তু বিধানসভাত ৩০ দিনৰ ভিতৰত বিটিচিত ৰাজ্যপালৰ শাসন অনুমোদিত নহল।
সেয়েহে ৩০ ছেপ্টেম্বৰৰ পিছত বিটিচিত চলি থকা ৰাজ্যপালৰ শাসন সম্পূৰ্ণ অবৈধ বুলি পৃথ্বিৰাজ আৰু থুলুংগাই উচ্চতম ন্যায়ালয়ত শপতনামাযোগে যুক্তি আগবঢ়াইছে।
ৰাজ্যপালৰ শাসন ৰদ কৰাৰ লগতে বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আবেদনখনৰ শুনানী ২৬ অক্টোবৰত লোৱা হব বুলি থুলুংগা বছুমতাৰীয়ে সংবাদমেলত জানিবলৈ দিয়ে। উল্লেখ্য যে বিটিচিত ২৭ অক্টোৱৰত ৰাজ্যপালৰ শাসনৰ অন্ত পৰিব।
ইপিনে অসমৰ ৰাজ্যপালক তীব্ৰ সমালোচনা কৰি পৃথ্বিৰাজ নাৰায়ণে কয় যে বিধানসভাৰ অনুমোদন লাভ কৰাৰ সাহস কৰিব পৰা নাই ৰাজ্যপালগৰাকীয়ে। কাৰণ তেওঁ ভালদৰেই জানে যে বিধানসভাত এইক্ষেত্ৰত কোনো প্ৰস্তাৱ দাঙি ধৰা হলে সেয়া ভোটাবুটিৰ জৰিয়তে নস্যাত হব।
সেয়েহে অবৈধভাৱেই ৰাজ্যপালে বিটিচিত শাসন চলাই আছে ৷
আনহাতে বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰি মুলসুঁতিলৈ উভতি অহা বিদ্ৰোহী সকলেও বিটিচিত সোনকালে নিৰ্বাচন বিছাৰিছে বুলি মধ্য়স্থতাকাৰী দ্বয়ে সংবাদমেলত জানিবলৈ দিয়ে।
পৃথ্বিৰাজৰ প্ৰশ্ন– অসমতকৈ বিহাৰত কৰোনা আক্ৰান্ত তথা মৃত্যুৰ হাৰ বহুত বেছি। বড়োলেণ্ডৰ লগত তো তুলনাই নহয়। পিছে বিহাৰত নিৰ্বাচন হব পাৰে, বিটিচিত কিয় নিৰ্বাচন হব নোৱাৰে?
বিটিচৰ নিৰ্বাচন কিহৰ বাবে কোনে পিছুৱাই আছে সেয়া ৰহস্যজনক হৈ পৰা বুলি তেওঁ সংবাদমেলত মন্তব্য কৰে। পিছে ২৬ অক্টোবৰত উচ্চতম ন্যায়ালয়ত হব লগীয়া শুনানীত এই বিতৰ্কৰ অন্ত পৰিব বুলি পথ্বিৰাজে আশা ব্যক্ত কৰিছে।
