Breaking News

অব্যাহত থাকিব কৃষক আন্দোলন, ‘চৰকাৰ ঘনিষ্ট’ দুই সংগঠনৰ আন্দোলন প্ৰত্যাহাৰ

The peasant movement will continue the movement of two organizations 'close to the government' will continue

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ দু মাহ ধৰি শান্তিপূৰ্ণভাৱে চলি থকা কৃষক আন্দোলনত চৰকাৰী এজেন্ট সোমাই থকা বুলি বহু পূৰ্বেই বিভিন্ন মহলত অভিযোগ উত্থাপিত হৈছিল। লাহে লাহে এই কথা প্ৰকট হৈ পৰিছে। ইয়াৰ পাছতো অব্যাহত থাকিব কৃষক আন্দোলন।

গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাক সন্মুখত ৰাখি ভাৰতীয় কিশান ইউনিয়নৰ ভানু গোট আৰু ৰাষ্ট্ৰীয় কিষাণ মজদুৰ সংগঠনে কৃষক আন্দোলনৰ কাৰ্যসূচী বুধবাৰে প্ৰত্যাহাৰ কৰে। লক্ষ্যনীয়ভাৱে কেবাটাও কৃষক সংগঠনৰ উমৈহেতীয়া মঞ্চ স্বৰূপ অল ইণ্ডিয়া কিষাণ সংঘৰ্ষ সমন্বয় সমিতিৰ ৰাষ্ট্ৰীয় সমন্বয়ক পদৰ পৰা অব্যাহতি দিয়া কৃষক নেতা ভি এম সিঙে সংবাদসংস্থা এ এন আয়ৰ ওচৰত এই কথা জানিবলৈ দিয়ে।

কৃষক আন্দোলন হিংসাত্মক ৰূপ লোৱাৰ বাবে ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাকেশ টিকাইট গোটক দায়ী কৰি ভি এম সিঙে গণৰাজ্য দিৱসৰ হিংসাৰ আঁৰত কৃষক নেতা ৰাকেশ টিকাইটক পোনেপোনে দায়ী কৰে।

মঙলবাৰৰ হিংসাত্মক ঘটনা আমি কোনোপধ্যেই মানি লব নোৱাৰো বুলি সিঙে বিবৃতি জাৰি কৰি কিষান ইউনিয়নৰ ভানু গোট আৰু ৰাষ্ট্ৰীয় কিষাণ মজদুৰ সংগঠনে কৃষক আন্দোলনৰ পৰা অব্যাহতি নিয়াৰ কথা ঘোষণা কৰে।

মন কৰিব লগীয়া যে ভি এম সিং তথা কিষান ইউনিয়নৰ ভানু গোটৰ বিৰুদ্ধে চৰকাৰী পক্ষ লোৱাৰ অভিযোগ বহু পূৰ্বেই উত্থাপিত হৈছিল। যাৰ বাবে কিষান সংঘৰ্ষ সমন্বয় সমিতিৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে ভি এম সিঙক অপসাৰণ কৰা হৈছিল।

এই প্ৰসংগত সংযুক্ত কিষান মৰ্চাৰ ৰাজিন্দৰ সিঙৰ বক্তব্য দুই এটা সংগঠন আন্দোলন এৰি যাব পাৰে। কিন্তু সংযুক্ত কিষান মৰ্চাৰ নেতৃত্বত কৃষক আন্দোলন অব্যাহত থাকিব তথা ১ ফেব্ৰুৱাৰীৰ দিনা পূৰ্ব নিৰ্ধাৰিত সংসদ অভিযান কাৰ্যসূচী সন্মুখত ৰাখি শান্তিপূৰ্ণভাৱেই এই আন্দোলন চলি থাকিব।

কেন্দ্ৰৰ তিনিটা কৃষি আইন যেতিয়ালৈকে প্ৰত্যাহাৰ কৰা নহয় তথা ন্যুনতম সাহায্য মূল্য নিশ্চিত কৰি যেতিয়ালৈকে আইন প্ৰস্তুত কৰা নহয় তেতিয়ালৈকে দিল্লী সীমান্তৰ লগতে সমগ্ৰ দেশত কৃষি আন্দোলন অব্যাহত থাকিব বুলি সংযুক্ত কিষান মৰ্চাৰ অন্যতম নেতা ৰাজিন্দৰ সিঙে আজি এক বিবৃতি যোগে স্পষ্ট কৰি দিয়ে।

Vinkmag ad

Eastern Times

Read Previous

গণৰাজ্য দিৱসৰ হিংসাৰ আঁৰত কোন? বিভিন্ন তত্ত্বৰ অৱলোকন

Read Next

কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ! সংসদৰ যৌথ অধিবেশন বৰ্জন কৰিব বিৰোধীয়ে

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.