Breaking News

হাগ্ৰামা যুগৰ অৱসান, বিটিচিত এতিয়া প্ৰমোদ ৰাজ

The end of the Hagrama era now Pramod Raj in BTC

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অৱশেষত বিটিচিত হাগ্ৰামা যুগৰ অৱসান ঘটিল। প্ৰাক্তন ছাত্ৰ নেতা প্ৰমোদ বড়োক বিটিচিৰ নতুন চীফ হিচাপে ঘোষণা কৰা হল। দেওবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে।

কেন্দ্ৰ-ৰাজ্যৰ শাসকীয় বিজেপি, প্ৰমোদ বড়োৰ ইউ পি পি এল আৰু সাংসদ নৱ শৰণীয়াৰ জি এচ পিৰে গঠন কৰা হ’ব বিটিচিৰ নতুন যৌথ পৰিষদ।

উল্লেখ্য যে শণিবাৰে হোৱা ভোটগণনাত কোনো দলেই সংখ্যাগৰিষ্ঠতা নোপোৱা হেতু বিটিচিৰ পৰৱৰ্তী পৰিষদ গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত দেওবাৰে পুৱাৰ ভাগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ইউ পি পি এলৰ প্ৰমোদ বড়ো, জি এচ পিৰ নৱ শৰণীয়া আদিয়ে অংশ গ্ৰহণ কৰে। উক্ত বৈঠকত বিটিচিৰ পৰবৰ্তী চীফ হিচাপে প্ৰমোদ বড়োৰ নাম চূড়ান্ত কৰা হয়।

  • বড়োভূমিত বিপিএফক তীব্ৰ প্ৰত্যাহবান ইউপিপিএলৰঃ পৰিষদ দখল দিশে ইউপিপিএল আৰু বিজিপি >>

ইপিনে বিজেপি-ইউপিপিএলৰ মিত্ৰতাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সম্পূৰ্ণ সন্মতি প্ৰদান কৰে। দুপৰীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা টুইটে এই কথা স্পষ্ট কৰি দিয়ে।

টুইটযোগে শ্বাহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ইউ পি পি এল নেতৃত্ব, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিক শুভেচ্ছা জ্ঞাপন কৰে। নিজৰ টুইটত গৃহমন্ত্ৰীজনে ইউ পি পি এলক বিজেপিৰ মিত্ৰদল বুলিও আখ্যা দিয়ে।

মন কৰিব লগীয়া যে প্ৰমোদ বড়োৰ উত্থানৰ পাছত বিটিচিত এতিয়া এক নতুন সমীকৰণ জন্ম লোৱাৰ লগতে হাগ্ৰামা মহিলাৰীৰ ১৫ বছৰীয়া ৰাজত্বৰ অৱসান ঘটে।

উল্লেখ্য যে ইউ পি পি এলৰৰ হাত ধৰি বিজেপিৰ চৰকাৰ গঠনৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত শণিবাৰে ওৰে নিশা চলিছিল কুচকাৱাজ।

সদ্যঘোষিত বিটিচিৰ নিৰ্বাচনী ফলাফলত হাগ্ৰামা মহিলাৰীয়ে সৰ্বাধিক আসন লাভ কৰিলে বিজেপিয়ে আনুষ্ঠানিকভাৱে বি পি এফৰ সংগ ত্যাগ কৰাই পৰিলক্ষিত হয়। বিটিচি পৰিষদীয় নিৰ্বাচনত বি পি এফে ১৭ খন আসন লভা কৰাৰ বিপৰীতে বিজেপিয়ে ৯ খন আৰু ইউ পি পি এলে ১২ খন আসন লাভ কৰে।

আনহাতে বিটিচিত অকলেই ২৫-৩০ খন আসন লাভ কৰিব বুলি দাম্ভিকতাৰে দাবী কৰি অহা সাংসদ নৱ শৰণীয়াৰ নেতৃত্বাধীন জি এছ পিয়ে নিচুকনি বঁটা হিচাপে লাভ কৰে মাত্ৰ এখন আসন।

ঠিক সেইদৰে কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰাৰ পাছতো মাত্ৰ বিটিচিত মাত্ৰ এখন আসনতে সীমাবদ্ধ থাকে।

ইপিনে শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে বিটিচিৰ ৰাইজ্যক দেওবাৰে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Vinkmag ad

Eastern Times

Read Previous

বড়োভূমিত বিপিএফক তীব্ৰ প্ৰত্যাহবান ইউপিপিএলৰঃ পৰিষদ দখল দিশে ইউপিপিএল আৰু বিজিপি

Read Next

প্ৰমোদ বড়ো হ’ব মুখ্য কাৰ্যবাহীঃ ইউপিপিএল- বিজেপি-জিএচপিৰ মিত্ৰতা

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.