Breaking News

নিৰ্বাচন আহি আছে! ৰাজ্যত হ্ৰাস পালে পেট্ৰ’ল-ডিজেল, সুৰাৰ মূল্য

The election is here! Petrol-diesel alcohol prices fall in the state

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ শুকুৰবাৰ নিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ অসমত হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য। বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই কথা ঘোষণা কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেৱল পেট্ৰ’ল-ডিজেলেই নহয়, ৰাজ্যত সুৰাৰ দামো হ্ৰাস পাব। সুৰাৰ ওপৰত থকা কোভিড-১৯ৰ বাবে জাৰি কৰা ২৫ শতাংশ উপকৰ বাতিল কৰা হৈছে।

লক্ষ্যনীয়ভাৱে বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে, এতিয়াৰে পৰা ভাৰতৰ ভিতৰত অসমত পেট্ৰলৰ মূল্য আটাইতকৈ কম হ’ব।

উল্লেখ্য যে কোভিডকালীন পৰিস্থিতিত ৰাজ্য চৰকাৰে পেট্ৰ’ল ডিজেলৰ আৰু সুৰাৰ ওপৰত অতিৰিক্ত উপকৰ কৰ আৰোপ কৰিছিল ৰাজ্য চৰকাৰে। যাৰ বাবে পেট্ৰ’ল – ডিজেলৰ ওপৰত সৰ্বোচ্চ খুচুৰা মূল্য ৫ টকাকৈ বৃদ্ধি পাইছিল।

কিন্তু শুকুৰবাৰে এই সকলোবোৰ উপকৰ বাতিল কৰা হয়। ইয়াৰ পিছত সংশ্লিষ্ট মহলক প্ৰশ্ন উত্থাপিত হৈছে এয়া ৰাজ্যৰ বিজেপি চৰকাৰৰ নিৰ্বাচনী উপহাৰ নেকি?

 

Vinkmag ad

Eastern Times

Read Previous

এবছৰত ৰাইজে কি পালে, ক’ত কি ব্যয় কৰিলে : বিত্তমন্ত্ৰীৰ হিচাপ-নিকাচ

Read Next

কৃষক আন্দোলন গঢ়ি তুলিবলৈ, অখিলৰ মুক্তিৰ দাবীত অসম ভ্ৰমণ কৰিব ৰাকেশ টিকাইত

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.