Breaking News

বহুধাবিভক্ত কংগ্ৰেছঃ গগৈৰ মৃত্যুই দললৈ অশনি সংকেত কঢ়িয়াইছে

জগদীশ হাজৰিকা, গুৱাহাটী, ২৭ নৱেম্বৰঃ অসমত কংগ্ৰেছ দলৰ পিতামহ স্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুয়ে দললৈ সংকট কঢ়িয়াই আনিব৷ ইতিমধ্যে কেইবাটাও গোটত বহুধাবিভক্ত দলটোত এক বিশৃংখলতাৰ সৃষ্টি হোৱাৰ আশংকাই মূৰ দাঙি উঠাৰ প্ৰৱল সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ আনকি আগন্তুক নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত কংগ্ৰেছ-এআইডিএফৰ নেতৃত্বত গঢ়ি তুলিবলৈ খোজা মহাজোঁট বন্ধনতো তৰুণ গগৈ বিহীন মিত্ৰতাৰ হিচাপ-নিকাচৰ ক্ষেত্ৰতো প্ৰচণ্ড আউল লগাৰ আশংকাত দলৰ নেতা-কৰ্মী সকল চিন্তিত হৈ পৰিছে৷

পূৰ্বৰে পৰা অব্যাহত থকা অসম কংগ্ৰেছ চাৰিটা ভাগত বিভক্ত হৈ থকা ক্ৰমে ৰিপুন বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত বৰদলৈৰ ফৈদ তৰুণ গগৈৰ অবৰ্তমানত নিজৰ নিজৰ সংগো-পাংগসহ সম্প্ৰতি অধিক সক্ৰিয় হৈ পৰিব৷

নিজৰ ভিন্ন স্বাৰ্থ সুৰক্ষিত কৰাৰ পৰিকল্পিতভাৱে বিভক্ত হৈ পৰা উজনি-নামনি-মধ্য অসমৰ এই ফৈদ সমূহক বিগত সময়ত নিজৰ চৰকাৰী আৱাসলৈ তলব কৰি আনি প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই একগোট কৰি আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে মান্তি কৰিছিল আৰু এই সম্পৰ্কে দলৰ উৰ্দ্ধতন কতৃপক্ষকো অৱগত কৰিছিল৷

কেন্দ্ৰীয় নেতৃত্বই সেয়ে তৰুণ গগৈৰ নেতৃত্বতে নিৰ্বাচনী বৈতৰণী পুনৰ পাৰ হোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিছিল৷

সেয়ে কংগ্ৰেছৰ নেতৃত্বত গঠন হ’ব লগীয়া মহাজোঁট সম্পৰ্কতো এআইডিএফৰ লগত আলোচনাৰ আগভাগ লৈ সকলো প্ৰক্ৰিয়া তৰুণ গগৈয়ে আগবঢ়াই নিছিল৷ কিন্তু চিকিৎসাজনীত কাৰণত চিকিৎসালয়ত থকাৰ পিছত জোঁট গঠনৰ প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰিছিল আৰু বৰ্তমান তেখেতৰ অবৰ্তমানত এই মহাজোঁট বন্ধন প্ৰক্ৰিয়াত যে আউল লাগিব সেই বিষয়ে দলটোৰ বাহিৰে-ভিতৰে চৰ্চা আৰম্ভ হৈছে৷

কাৰণ অসম প্ৰদেশ কংগ্ৰেছত বৰ্তমান সৰ্বসন্মত নেতাৰ অভাৱ হৈছে৷দলটোৰ প্ৰভাৱশালী নেতা, প্ৰাক্তন সাংসদ-মন্ত্ৰী-বিধায়ক, চাহ জনগোষ্ঠী, সংখ্যালঘু নেতা তথা বৰ্তমানৰ বিষয়-ববীয়াৰ সংগঠিত কৰি একেখন মঞ্চত বহুৱাই বিধান সভা নিৰ্বাচনৰ আগতে বদৰুদ্দিন আজমল নেতৃত্বতাধীন এআইডিএফ, বামপন্থীৰ লগতে সৰু সৰু আঞ্চলিক দলৰ লগত মিত্ৰতাত চিল-মোহৰ লগাব পৰাকৈ সৰ্বসন্মত নেতাৰ অভাৱ, কংগ্ৰেছত বাৰুকৈয়ে অনুভৱ হৈছে৷

ইপিনে আগন্তুক বিধান সভা নিৰ্বাচনত যে যোগাত্মক প্ৰভাৱৰ বাবেই এআইডিএফৰ মিত্ৰতাৰ প্ৰয়োজন এই কথা ৰাহুল গান্ধীসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক প্ৰয়াত তৰুণ গগৈয়েই যুক্তি সহকাৰে পতিয়ন নিয়াইছিল৷

কেন্দ্ৰীয় নেতৃত্বয়ো এই দ্বায়িত্ব তৰুণ গগৈৰ ওপৰতে ন্যস্ত কৰিছিল যদিও সম্প্ৰতি দলটোৰ সকলো ৰণকৌশল ওলট-পালট হৈ পৰিছে৷

দলৰ উৰ্দ্ধতম মহলৰ একাংশই সাংসদ তথা তৰুণ গগৈৰ পুত্ৰৰ ওপৰত এই দ্বায়িত্ব প্ৰদানৰ চিন্তা-চৰ্চা আৰম্ভণি ঘটাইছে যদিও সান্দহ খোৱা বালি তল যোৱাৰ আশংকাত অসম প্ৰদেশ কংগ্ৰেছৰ নানা ফৈদত বিভক্ত কেইবাটাও শিবিৰে এই ক্ষেত্ৰত সমৰ্থন আগবঢ়াব বিচৰা নাই৷ ৰাজ্যিক কংগ্ৰেছত অব্যাহত থকা ৰিপুন বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত বৰদলৈৰ কোনোটো ফৈদকে এই দ্বায়িত্ব দিবলৈ নিবিচৰা দলৰ শীৰ্ষ নেতৃত্বৰ মাজত এক দোধোৰ-মোধোৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৱশ্যে অৱশেষত কংগ্ৰেছে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়তহে পৰিস্ফুট হ’ব৷

Vinkmag ad

Eastern Times

Read Previous

কৃষক অভ্যুত্থান! অপ্ৰতিৰোধ্য দিল্লী অভিমুখী কৃষকৰ দল

Read Next

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে কৃষক সংগঠনসমূহে

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.