ইষ্টাৰ্ন টাইমছ, ২৩ নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে, ‘এগৰাকী মহান নেতাক আমি ৰাজ্যবাসীয়ে হেৰুৱালো। ওৰেজীৱন তেখেতে দেশৰ বাবে সততা নিষ্ঠাৰে কাম কৰি গ’ল।
এটা শক্তিশালী মূল্যবোধৰ আদৰ্শ প্ৰতিষ্ঠা কৰি গ’ল। মই ব্যক্তিগতভাৱে এগৰাকী পিতৃক হেৰুউৱাৰ দৰে অৱস্থা হৈছে।
পিতৃয়ে যেনেকৈ পুত্ৰক আদেশ দিয়ে মৰমত, তেখেতে তেনেধৰণে আদেশো আমাক দিছিল মাজেসময়ে। মই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত তেখেতৰ ঘৰলৈ গৈছিলো।
কৈছিলো যে আপুনি গাইড কৰিব লাগিব, আমাৰ ৰাজ্য চলোৱাৰ অভিজ্ঞতা নাই, গগৈদাই কৈছিল যে তুমি চিন্তাই নকৰিবা।’
ইপিনে গগৈৰ মৃত্যুৰ বাতৰিত শোক ব্যক্ত কৰিছে চুবুৰীয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এক শোকবাৰ্তাত তেওঁ গগৈৰ পৰিয়াল, অনুগামী আৰু সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰে।
টুইটাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ শোক ব্যক্ত কৰি কয় যে তৰুণ গগৈ আছিল সঁচাকৈ কংগ্ৰেছী এজন নেতা।
অসমৰ সকলো জাতি সম্প্ৰদায়ৰ লোকসকলক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ নিজৰ জীৱন উছৰ্গা কৰিছিল। ‘মোৰ বাবে তেওঁ আছিল এগৰাকী মহান আৰু বিজ্ঞ শিক্ষক।
মই তেওঁক যিমান ভাল পাইছিলো সিমানে সন্মান কৰিছিলো। মই তেওঁক সদায় মিছ কৰিম…’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও তৰুণ গগৈৰ মৃত্যুৰ গভীৰ শোক ব্যক্ত কৰিছে। টুইটাৰত প্ৰধানমন্ত্ৰীৰ বক্তব্য– ‘অসমৰ লগতে কেন্দ্ৰতো দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতা থকা তৰুণ গগৈ আছিল এগৰাকী জনপ্ৰিয় নেতা আৰু বৰ্ষীয়ান প্ৰশাসনিক। তেওঁৰ বিয়োগত মই বৰ বেদনা অনুভৱ কৰিছো। এই দুঃখৰ মুহূৰ্ত মই তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ সৈতে আছো…’
- তৰুণ গগৈ প্ৰয়াত >>
- আগন্তুক বিধান সভা নিৰ্বাচনলৈ বিজেপি-অগপৰ মিত্ৰতাঃ উভয়ে উভয়ক চাপ বৃদ্ধিৰ প্ৰচেষ্টা >>
