Breaking News

৩০তকৈ কম আসনেৰে খাব মুখ থেকেচা বিজেপিয়ে, দাবী এজেপিৰ

The BJP will contest from less than 30 seats, the AJP claimed

ইষ্টাৰ্ন টাইমছ, ১৬ অক্টোবৰ, গুৱাহাটীঃ অনাগত বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে ৩০ খনতকৈও কম আসন লাভ কৰিব।

এই দাবী সদ্য গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ। ‘২০২১ চনত বিজেপি ক্ষমতাৰ পৰা আঁতৰিব। ৩০ খনতকৈও কম আসনেৰে বেয়াকৈ মুখ থেকেচা খাব বিজেপিয়ে।’- এই মন্তব্য আগবঢ়াইছে এজেপিৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনে।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ নবেম্বৰ মাহৰ শেষ ভাগত প্ৰথমখন পূৰ্ণাংগ অভিৱৰ্তনৰ অনুষ্ঠিত হ’ব।

শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ সভাখনতেই ৰাজ্যিক যুৱ আহ্বায়ক সমিতি ‘যুৱ বাহিনী’ৰ কেন্দ্ৰীয় কমিটী গঠন কৰাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে নতুন দলটোত যোগদান কৰে।

নৱ গঠিত আঞ্চলিক দল এজেপিৰ নেতৃত্বই অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাক কটু ভাষাৰে সমালোচনা কৰে। অনুষ্ঠানত দলটোৰ মুখ্য সমন্বয়কসকল ক্ৰমে, জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন, চিত্ৰৰঞ্জন বসুমতাৰী প্ৰমুখ্যে আন নেতাসকল উপস্থিত আছিল।

উক্ত সভাতেই ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা অহা যুৱ প্ৰতিনিধিৰ মাজৰ পৰা ১১ গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫ গৰাকী ৰাজ্যিক আহ্বায়ক বাছনি কৰি এখন আহ্বায়ক সমিতি গঠন কৰা হয়।

শুকুৰবাৰে ঘোষণা কৰা মুখ্য আহ্বায়ক সকল হ’ল ক্ৰমে, লাকীমণি বৰুৱা, ডঃ দুলেন বৰা, আমিৰ হুছেইন, ডাঃ লক্ষ্যজ্যোতি বৰা, দীপাংকৰ দলে, চন্দ্ৰপল বৰুৱা, দীপাংকৰ সোণোৱাল, বিতুল চুতীয়া, কুশল কুজুৰ, নিভা দত্ত আৰু নোমল বৰা।

Vinkmag ad

Eastern Times

Read Previous

এহেজাৰ বন্তি প্ৰজ্বোলনেৰে কাতি বিহু পালন কৰিব মুখ্যমন্ত্রীয়ে

Read Next

অসমত বিজেপিহে মূল জাতীয়তাবাদী শক্তি, দাবী ৰঞ্জিত দাসৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.