
The BJP government in Assam is sure to get millions of people to vote again
ইষ্টাৰ্ন টাইমছ, ১৫ অক্টোবৰ, গুৱাহাটীঃ বিজেপিৰ আভ্যন্তৰীণ সমীক্ষা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনত শাসকীয় দলটোয়ে ১০০ খন আসন লাভ কৰাটো নিশ্চিত। আজি যোৰহাটত অনুষ্ঠিত এখন সাংগঠনিক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এই কথা দোহাৰে।
বিজেপিৰ মিচন ১০০ কেনেদৰে সফল হ’ব সেই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতিজনে ব্যাখ্যা কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০ খন, অগপই ১৪, বিপিএফয়ে ১২ খন আৰু এখন আসন নিৰ্দলীয়ই লাভ কৰি বিজেপি আৰু মিত্ৰজোটে মুঠ ৮৭ খন আসনেৰে চৰকাৰ গঠন কৰিছিল।
এইবাৰ বিৰোধীৰ দখলত থকা আন ৯টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত বুলি মত ব্যক্ত কৰিছে ৰণজিত্ কুমাৰ দাসে।
বিজেপিৰ আভ্যন্তৰীণ সমীক্ষা অনুসৰি এই ৯টা সমষ্টি হ’ল- মৰিয়নি, তিতাবৰ, নাজিৰা, সৰুপথাৰ, ডুমডুমা, নাওবৈচা, শিৱসাগৰ, গোলাঘাট আৰু লক্ষীপুৰ। দাসে আত্মবিশ্বাসৰ সৈতে কয় যে তেওঁলোকে এইবাৰ বিধানসভা নিৰ্বাচনত ৮৪ লাখ ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব।
ৰঞ্জিত দাসৰ মতে– “বিগত সংসদীয় নিৰ্বাচনত অসমত বিজেপিয়ে ৬৪ লাখ ভোট লাভ কৰিছিল। এইবাৰৰ নিৰ্বাচনত বিজেপিৰ ২০ লাখ ভোট বৃদ্ধি পাব। যদিহে অসমৰ ডেৰকোটি মানুহে ভোটদান কৰে তেন্তে বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত।”
আনহাতে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন স্পষ্ট ছবি দাঙি ধৰে বিজেপিৰ সভাপতিগৰাকীয়ে। শেহতীয়াকৈ বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সমৰ্থন লাভ কৰাৰ পিছত আৰু বহু জনগোষ্ঠীৰ সমৰ্থন লাভ কৰিব বুলি তেওঁ মত ব্যক্ত কৰে।
আনহাতে নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়াৰ লগতে বৰ্তমান মিত্ৰ দলৰ দখলত থকা সমষ্টিবোৰত পুনৰ জয়লাভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে ৰণজিত্ কুমাৰ দাসে।
অচিৰেই বিজেপি দলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ বহু কেইগৰাকী প্ৰাক্তন বিধায়কে যোগদান কৰিব বুলি জানিবলৈ দিয়ে ৰঞ্জিত কুমাৰ দাসে। মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত জিকিব পৰা আৰু গ্ৰহণযোগ্যতা থকা মহিলা থাকিলেহে প্ৰাৰ্থীত্ব দিয়া হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপি সভাপতিগৰাকীয়ে।
আনহাতে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বই সমষ্টিসমূহত চলাই থকা ছাৰ্ভেৰ ওপৰত ভিত্তি কৰিয়েই সমষ্টিসমূহত নতুন লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰা বিষয়টো নিৰ্ভৰ কৰিব বুলি জানিবলৈ দিছে সভাপতিগৰাকীয়ে।
আনহাতে নতুন ৰাজনৈতিক দল সন্দৰ্ভত বিজেপি সভাপতিগৰাকীয়ে কয় যে, ৰাজপথত আন্দোলন কৰা আৰু চৰকাৰ চলোৱা দুটা সম্পূৰ্ণ পৃথক কথা।
