Breaking News

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত, বুধবাৰৰ বৈঠকত সকলোৰে চকু

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২০ অক্টোবৰঃ আলোচনাৰ জৰিয়তেই মীমাংসা কৰা হব অসম-মিজোৰামৰ সীমা বিবাদ ৷ ইয়াৰ বাবে বুধবাৰে দুয়ো ৰাজ্যৰ গৃহ সচিবে এখন বৈঠকত মিলিত হব।

অসম -মিজোৰাম সীমান্তবৰ্তী কাছাৰৰ লায়লাপুৰত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত সীমান্তৰ দায়িত্বত থকা অসমৰ এডিজিপি মুকেশ আগৰৱালও অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে গুৰুত্বপূৰ্ণ এই বৈঠক উপস্তিত থাকিব বৰাক উপত্যকাৰ তিনিখন জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষকসকলেও ৷

মংগলবাৰে শিলচৰত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে অসম গৃহ বিভাগৰ সচিব জ্ঞানেন্দ্ৰ ত্ৰিপাঠীয়ে ৷ কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বৰাকৰ তিনিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ত্ৰিপাঠীয়ে মংগলবাৰে এখন বৈঠকত মিলিত হৈছিল।

বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি ত্ৰিপাঠীয়ে এই কথা জানিবলৈ দিয়ে।

আলোচনাৰ জৰিয়তে মিজোৰামৰ সৈতে সীমা বিবাদ মীমাংসা কৰা হৱ বুলি জনাই ত্ৰিপাঠীয়ে কয় যে এইক্ষেত্ৰত দুয়ো চৰকাৰে কিছু নমনীয় স্থিতি গ্ৰহণ কৰিছে। লক্ষ্যনীয়ভাৱে সীমান্তৰ হিংসা তথা উত্তেজনাকলৈ ত্ৰিপাঠীয়ে সংবাদমেলত কোনো

ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে। আচৰিত হব লগীয়া কথাটো হৈছে অসমৰ গাওঁত মিজোয়ে অগ্নি সংযোগৰ ঘটনাকলৈ এডিজিপি আৰু কমিছনাৰৰ ওচৰত এতিয়ালৈকে কোনো তথ্য নাই বুলি ত্ৰিপাঠীয়ে সংবাদমেলত মন্তব্য কৰে।

উল্লেখ্য যে অসম- মিজোৰাম সীমান্তত এতিয়াও চেপা উত্তেজনা বৰ্তি থকা বুলি জানিব পৰা গৈছে। মূল সীমান্তৰ পৰা অসমৰ দুই কিলোমিটাৰ ভিতৰলৈ এতিয়াও অৱস্থান কৰি আছে মিজো আৰক্ষীয়ে ৷

স্থানীয় বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা মতে, সোমবাৰে নিশা জেছিবি লগাই কাম কৰিছে মিজো আৰক্ষীয়ে ৷ অসমৰ ভূমিত মিজো আৰক্ষীয়ে চেক গেট স্থাপনৰ কাম কৰি থকাৰ বাতৰিও প্ৰকাশ পাইছে।

বাস্তৱত সোমবাৰে সমগ্ৰ ঘটনাটোত কোন্দ্ৰীয় গৃহ বিভাগে হস্তক্ষেপ কৰাৰ পাছত হঠাৎ অসমৰ ভূমিত মিজো আৰক্ষীৰ চেক গেট স্থাপনৰ তৎতপৰতা বিশেষ তাতপৰ্য বহন কৰিছে। ইফালে নিশা অসম সীমান্ত লায়লা পুৰত চেপা উত্তেজনায় বিৰাজ কৰে ৷

অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লায়লাপুৰৰ ৰাইজ, ট্ৰাক চালক সকলে ৷ লায়লাপুৰ সীমান্তত আৱদ্ধ হৈ থকা মিজোৰামগামী মালবাহী ট্ৰাক সমুহ মিজোৰাম প্ৰেৰণ কৰাৰ বাবে অসম আৰক্ষী সক্ৰিয় হৈ পৰে ৷

এডিজিপি মুকেশ আগৰৱালে ফ্লেগ অফ কৰি ট্ৰাকসমূহ মিজোৰামলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল কিন্তু স্থানীয় ৰাইজ আৰু ট্ৰাক চালকসকলৰ বাধাত সেয়া সম্ভৱ হোৱা নাই। বাধ্য হৈ নিশাই লায়লাপুৰৰ পৰা শিলচৰলৈ উভতি আহে মুকেশ আগৰৱাল ৷

ট্ৰাক চালক সহ স্থানীয় ৰাইজৰ দাবী– সীমা বিবাদৰ স্থায়ী সমাধান নহোৱালৈকে মিজোৰামত ট্ৰাক প্ৰৱেশ নকৰিব ৷ ইফালে মিজোৰাম চৰকাৰে নিশা অসমৰ ট্ৰাক সমুহৰ নিৰাপত্তা প্ৰদানৰ আহ্বান জনাই মিজো সকলৰ উদ্দোশ্যে এক প্ৰেছ বাৰ্তা প্ৰেৰন কৰে ৷

Vinkmag ad

Eastern Times

Read Previous

আৰক্ষীৰ উপ পৰিদৰ্শক কেলেংকাৰী তদন্তৰ এমাহঃ আওতালৈ এতিয়াও অহা নাই বহু ৰথী-মহাৰথী

Read Next

অসমত গঢ় লৈ উঠিছে কিতাপ পঢ়াৰ আন্দোলন

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.