
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অসমত শিক্ষক বিদ্ৰোহৰ উকমুকনি ঘটিছে। প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি, স্নাতক শিক্ষকৰ পৰা কর্তন কৰা ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ দাবীৰে তীব্ৰতৰ আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে ৰাজ্যৰ প্রাথমিক শিক্ষকসকলে।
মঙলবাৰে খাৰঘুলিস্থিত মুখ্যমন্ত্রীৰ চৰকাৰী বাসগৃহ ঘেৰাও কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ষুব্ধ প্রাথমিক শিক্ষকসকলে। এই কথা সদৰী কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্র বৰা আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে।
সন্মিলনীৰ তৰফত এক বিবৃতিত প্ৰকাশ কৰা হৈছে যে ২২ জানুৱাৰীৰ দিনা লতাশিল খেলপথাৰত ৰাজ্যৰ প্রাথমিক শিক্ষকসকল সমৱেত হ’ব।
তাৰ পৰাই মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাওৰ বাবে সমদল কৰি আহি একে সময়তে সেই দিনাই ৰাজ্যৰ প্রাথমিক শিক্ষকসকলে বিত্তীয় আৰু কার্যালয়কেন্দ্রিক কামৰ পৰা সামূহিকভাৱে অব্যাহতি গ্রহণ কৰিব।
উল্লেখ্য যে প্রাথমিক শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধান আৰু ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ দাবীৰে দীর্ঘদিনে সন্মিলনীয়ে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে। এই সন্দর্ভত কেইবাবাৰো সংশ্লিষ্ট বিষয়ববীয়াৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে বৈঠকত মিলিত হৈছে।
বিগত বর্ষৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্রীৰে হোৱা আলোচনাকালত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে কর্তন কৰা গ্রেড পে’ ঘূৰাই দিবলৈ নির্দেশ দিছিল।
কিন্তু সেই নির্দেশ আজিলৈ কার্যকৰী নহ’ল। যাৰ পৰিপ্রেক্ষিতত দেওবাৰে অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহক সভাত এই দুয়োটা সমস্যা সমাধানৰ দাবীৰে প্রাথমিক শিক্ষকসকলে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে।
কোৱা হৈছে প্রধান শিক্ষকৰ দায়িত্ব পালন কৰি থকা সকলো শিক্ষকে অহা ২২ জানুৱাৰীৰ পৰা কেৱল শৈক্ষিক দায়িত্বহে পালন কৰিব। বিত্তীয় আৰু কার্যালয়কেন্দ্রিক তথ্য যোগানৰ কাম আদিৰ পৰা প্রাথমিক শিক্ষকসকল বিৰত থাকিব।
