Breaking News

তৰুণ গগৈ প্ৰয়াত

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ২৩ নৱেম্বৰঃ অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কৰোনা ভাইৰাছৰ বিৰুদ্ধে সাময়িকভাৱে জয়লাভ কৰিলেও কংগ্ৰেছৰ দীৰ্ঘদিনৰ ৰাজৈনিতক সত্তা তথা অসমৰ ৰাজনৈতিক জগতৰ প্ৰবীণ পুৰুষ গগৈয়ে সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল গগৈ।

জিএমচিএইচত চিকিৎসাধীন গগৈৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছিল এইমছৰ বিশেষজ্ঞ চিকিৎসকেও। কিন্তু সকলোখিনি প্ৰচেষ্টাক বিফল কৰি গগৈয়ে সম্বৰণ কৰে ইহলীলা।

উল্লেখ্য যে যোৱা ২২ আগষ্টত ক’ভিড-১৯ত আক্ৰান্ত হয় তৰুণ গগৈ। প্ৰায় ২ মাহ হাস্পতালত থকাৰ অন্তত দুৰ্গাপূজাৰ মাজতে ঘৰলৈ যাব দিয়া হৈছিল গগৈক। কিন্তু স্বাস্থ্য পুনৰ বেয়া হোৱাত পূজাৰ ১০ দিনৰ পাছত জি এম চি এইচত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

উল্লেখ্য যে ২০০১ চনৰ ১৭ মে’ত তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছত ২০০৬ আৰু ২০১১ চনত তিতাবৰ সমষ্টিৰ পৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়।

১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত এটা আহোম পৰিয়ালত জন্ম গ্ৰহণ কৰা তৰুণ গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ আসাম বাৰ কাউন্সিলত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে।

১৯৭২ চনত ডলী গগৈৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা গগৈয়ে মৃত্যুৰ সময়ত পুত্ৰ গৌৰৱ গগৈকে ধৰি দুই সন্তানক এৰি থৈ যায়।

১৯৬৮ চনত যোৰহাট পৌৰসভাৰ সদস্য হিচাবে নিৰ্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলা গগৈয়ে ১৯৭৬ চনত ততকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কালছোৱাত এ আই চি চিৰ যুটীয়া সম্পাদক হিচাবে নিৰ্বাচিত হয়।

ইয়াৰ পিছত ১৯৮৫-১৯৯০ বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত হয়।

  1. কংগ্ৰেছ-ইউডিএফ মিত্ৰতাত ত্ৰস্ত বিজেপি হাইকমাণ্ড! বিশেষ বৈঠকৰ আহ্বান >>

১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে তেওঁ ততকালীন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ কেবিনেটত খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীত্ব লাভ কৰে।

উল্লেখ্য যে ১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈকে তৰুণ গগৈ অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটিৰ সভাপতি আছিল। ১৯৯৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে সভাপতি হিচাবে নিৰ্বাচিত হয়।

মন কৰিব লগীয়া যে তৰুণ গগৈ ছবাৰকৈ লোকসভালৈ সাংসদ হিচাবে নিৰ্বাচিত হৈছে। প্ৰথমতে তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাটৰ পৰা সাংসদ হিচাবে একেৰাহে পঞ্চম, ষষ্ঠ আৰু সপ্তম লোক সভালৈ নিৰ্বাচিত হয়। পাছত তেওঁ কলিয়াবৰৰ পৰা দশম লোক সভা (১৯৯১-১৯৯৬)লৈ হিচাবে নিৰ্বাচিত হয়। ইয়াৰ পিছত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত দ্বাদশ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভা (১৯৯৮-২০০২)লৈ সাংসদ হিচাবে নিৰ্বাচিত হয়।

আনহাতে তৰুণ গগৈ এতিয়া লৈকে পাঁচবাৰ অসম বিধানসভালৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছে। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈকে তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ তেওঁএকেৰাহে চাৰিবাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহিছে।

তৰুণ গগৈৰ মৃত্যুত দল মত নিৰ্বিশেষে অসমত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

Vinkmag ad

Eastern Times

Read Previous

আগন্তুক বিধান সভা নিৰ্বাচনলৈ বিজেপি-অগপৰ মিত্ৰতাঃ উভয়ে উভয়ক চাপ বৃদ্ধিৰ প্ৰচেষ্টা

Read Next

গগৈৰ মৃত্যুত শোকাহত দেশৰ ৰাজনৈতিক মহল

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.