Breaking News

অসমত পুনৰ খাকী পোছাকত দাগ

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৩ অক্টোবৰঃ পুনৰ খাকী পোছাকত দাগ । এছ আয়ৰ প্ৰশ্নকাকত ফাদিলকলৈ ৰাজ্যত তোলপাল লাগি থকা সময়তে শণিবাৰে হাজোত গ্ৰেপ্তাৰ হল এগৰাকী গৃহৰক্ষী জোৱান । গৃহৰক্ষী জোৱান গৰাকীৰ নাম হৈছে ৰিয়াজুল হক । ৰিয়াজুল হকে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ ব্যাৱসায় ।

হাজোৰ অলিয়ে-গলিয়ে ড্ৰাগছ সুলভ হৈ পৰাত নতুন প্ৰজন্মৰ বহু যুৱকে ড্ৰাগছ আসক্ত হৈ সমাজত অৰাজকতা সৃষ্টি কৰি আহিছিল । যাৰবাবে একাংশ অভিভাৱক নিজৰ সন্তানক নিয়ন্ত্ৰণ কৰিব নোৱাৰি চিন্তিত হৈ পৰিছিল । এনে এক পৰিস্থিতিৰ মাজতে হাজো আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী গৃহৰক্ষী জোৱান সহ দুগৰাকী অন্য যুৱকক গ্ৰেপ্তাৰ কৰে ।

সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ইয়ন বাহন সহ কিছু পৰিমানৰ পাও জব্দ কৰে । হাজো আৰক্ষীৰ জালত পৰা অন্য যুৱক দুগৰাকী হৈছে ফকীৰটোলাৰ ৰবিজুল আলী আৰু মোস্তাকিন হুছেইন । গ্ৰেপ্তাৰহোৱা গৃহৰক্ষী জোৱান গৰাকী হাজো আৰক্ষী থানাত কৰ্মৰত আছিল ।

ইপিনে বৰুৱাৰীত সংঘটিত হোৱা ঘটনাৰ পিছত এক উত্তেজনাময় পৰিস্থিতিৰ সৃস্টি হয় । স্থানীয় বাসিন্দাসকলৰ গুৰুতৰ অভিযোগ– আৰক্ষীয়ে বাৰে-বাৰে এনেধৰনৰ অভিযান চলাই আৰু মোটা অংকৰ ধনৰ বিনিময়ত ব্যৱস্থা নোলোৱাকৈ এৰি দিয়ে অপৰাধী সকলক । সেয়েহে একাংশলোকে সমগ্র ঘটনাটো যাতে আৰক্ষীয়ে গাপ দিৱ নোৱাৰে তাৰ বাবে ভিডিঅ’ কৰাত আৰক্ষীয়ে তাত বাধা আৰোপ কৰে। স্বাভাবিকভাৱেই হাজো আৰক্ষী আৰু একাংশ স্থানীয় লোকৰ মাজত এক হতাহতিও হয়।

একযোগে সকলোৰে অভিযোগ– একাংশ হাজো আৰক্ষীৰ ছত্ৰ ছায়াতে চলি আহিছে ড্ৰাগছ, অবৈধ বিলাতী সুৰাৰ বেহা। লগতে চলিছে জুৱাখেল।

Vinkmag ad

Eastern Times

Read Previous

পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

Read Next

ম্যানমাৰৰ পৰা অসম হৈ ৰাজস্থানলৈ বিয়পিছে আন্তৰাষ্ট্ৰীয় চোৰাং নেটৱাৰ্ক

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.