Breaking News

এছ আই কেলেংকাৰিঃ এছ পি সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ ৪০ লাখত বিক্ৰী কৰিছিল প্ৰশ্ন কাকত

SP Sanjit Krishnak arrested and sold for Rs 4 million in question paper

ইষ্টাৰ্ন টাইমছ, ১৫ অক্টোবৰ, গুৱাহাটীঃ দিন জুৰি চলা নাটকৰ পিছত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হল কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণক। এছ আই নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত হৈছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জিত কৃষ্ণ।

লক্ষ্যনীয়ভাৱে সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ নে আটক কৰা হৈছে সেয়া অসম আৰক্ষীৰ তৰফত এতিয়াও স্পষ্ট কৰা হোৱা নাই যদিও সূত্ৰ মতে, বৰ্তমানে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকজনক আটক কৰি ৰখা হৈছে তথা যিকোনো মুহূৰ্তত তেওঁক চি আই ডিয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিব।

উল্লেখ্য যে অভিযোগ অনুসৰি এছ আই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূর্বে সঞ্জিত কৃষ্ণৰ বাসগৃহৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাকত। ৪০ লাখ টকাৰ বিনিময়ত প্ৰশ্নকাকত বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে। দালাল ৰুবুল হাজৰিকা আৰু দিবন ডেকাই ৪০ লাখ টকাৰ বিনিময়ত প্ৰশ্নকাকত লৈ গুৱাহাটীলৈ আহিছিল আৰু থেংকিউ লজকে ধৰি ভার্গৱ হোটেল গ্রেণ্ডত আগতীয়াকৈ পৰীক্ষাৰ আয়োজন কৰিছিল।

মন কৰিব লগীয়া যে এছ আই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে বহু বিস্ফোৰত তথ্য পোহৰলৈ আহিছে।

ইপিনে বৃহস্পতিবাৰে পুৱাৰ ভাগত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণই প্ৰথমতে আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে। লক্ষ্যনীয়ভাৱে কালি সন্ধিয়াৰ পৰা তেওঁ পলাতক অৱস্থাত আছিল বুলি বাতিৰ প্ৰকাশ পাইছিল। পিছে আজি পুৱাৰ ভাগত তেওঁ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত নিজকে আত্মসমৰ্ণ কৰে।

ইয়াৰ পিছত চলে মাৰাথন জেৰা। পাছত সন্ধিয়াৰ ভাগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সঞ্জিত কৃষ্ণক আটক কৰি লৈ যোৱা হয় চি আই ডি কাৰ্যালয়লৈ।

Vinkmag ad

Eastern Times

Read Previous

লক্ষ্য নিৰ্বাচন, ৰাজ্যৰ ১০ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ ঘৰে ঘৰে যাব বিজেপি চাহ মোৰ্চাৰ সভাত মুখ্যমন্ত্ৰী সোণোৱাল

Read Next

অৱশেষত খোল খাব কাজিৰঙা

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.