ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৩ অক্টোবৰঃ বহুৰূপী বিধায়ক ৰূপজ্যোতি কুৰ্মী! কেই দিন মান আগতে বিক্ৰী কৰিছিল চাহ। এতিয়া চাহ এৰি হাঁহ কুকুৰাৰ বেপাৰত বহিল বিধায়ক ৰূপজ্যোতিয়ে।
বাস্তৱত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ এয়া ৰূপজ্যোতি কুৰ্মীৰ। বিধায়কজনৰ কটাক্ষ– নিবনুৱাই চাকৰি পালে পাৰ্টি খাবলৈ হাঁহ-কুকুৰা যোগান দিব তেওঁ।
মৰিয়নী নগৰৰ থানা তিনি আলিত কিছুদিন পূৰ্বে চাহ-বিস্কুট বিক্ৰী কৰা বিধায়ক জনে এইবাৰ গান্ধী জয়ন্তীৰ দিনা হাঁহ-কুকুৰালৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এক অভিনৱ ধৰ্ণা কাৰ্যসূচী পালন কৰে। ৰাজ্যৰ নিবনুৱাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ নামত বাৰম্বাৰ কৰি অহা প্ৰতাৰণাৰ বিৰোধিতাৰে হাঁহ-কুকুৰা বিক্ৰী কৰা বুলি উল্লেখ কৰে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে।
বিজেপি চৰকাৰ খনে এ পি ডি চি এল, জলসিঞ্চন, পঞ্চায়ত, জনসংযোগ, গ্ৰামীণ ডাক সেৱক, বিদেশী ন্যায়ধীশ প্ৰাধীকৰণ আদি বিভাগৰ লগতে শেহতীয়াকৈ অসম আৰক্ষী বিভাগৰ এছ আই নিযুক্তিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিবনুৱাক চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰা বুলি অভিযোগ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
উল্লেখ্য যে সততে এটাৰ পিছত এটাকৈ নতুন অৱতাৰৰ ভূমিকাত দেখা পোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীকলৈ গৰ্বিত সমষ্টিৰ বহু সংখ্যক লোক।
