Breaking News

নতুন ৰাজনৈতিক দলক ভিটামিন বি কমপ্লেক্স খোৱাৰ পৰামৰ্শ আৰ পি শৰ্মাৰ

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৯ অক্টোবৰঃ নতুন ৰাজনৈতিক দলক ভিটামিন বি কমপ্লেস্ক খোৱাৰ আহ্বান জনাইছে বিজেপিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰ পি শৰ্মাৰ।শৰ্মাৰ বক্তব্য– নিৰ্বাচনী বতৰত ৰাজনৈতিক যুদ্ধ কৰিবলৈ শক্তিৰ প্ৰয়োজনীয়তা আছে। সেয়েহে নতুন ৰাজনৈতিক দলসমূহক এতিয়া ভিটামিন, প্ৰোটিন খাব লাগিব।

আনহাতে অসমত পৰৱৰ্তী চৰকাৰ যদি কংগ্ৰেছৰ নহয় তেনেহলে প্ৰাক্তন সাংসদজনে নিজৰ কাণ কাটি পেলাব বুলি শৰ্মাই মন্তব্য আগবঢ়ায়। তেওঁৰ মতে, কংগ্ৰেছ কৰ্মীসকলে ইমান ত্যাগ স্বীকাৰ কৰি কাম কৰি যোৱাৰ পিছতো যদি দলটোয়ে ক্ষমতালৈ নাহে তনেহলে ইয়াতকৈ পৰিতাপৰ বিষয় আৰু কি হব পাৰে।

উদাহৰণস্বৰূপে এগৰাকী মাতৃয়ে কেঁচুৱা জন্ম দিয়াৰ আগৰ বেদনা আৰু জন্ম পোৱাৰ পিছৰ সুখৰ কথা উল্লেখ কৰে আৰ পি শৰ্মাই। উল্লেখ্য যে বাইহাটা চাৰিআলিত কংগ্ৰেছৰ এখন সাংগঠনিক সভাত প্ৰাক্তন সাংসদগৰাকীয়ে এই মন্তব্য আগবঢ়োৱা পৰলিক্ষিত হয়।

আনহাতে জালুকবাৰী সমষ্টিৰ পৰা অহা বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এই কথা পোনচাতে নাকচ কৰে আৰ পি শৰ্মাই।

আজমল মুখ্যমন্ত্ৰী হ’ব নেকি বুলি য়সোধা প্ৰশ্নৰ উত্তৰত আৰ পি শৰ্মাই কয়– আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে অন্তত ৬০খন আসন লাভ কৰিব আৰু এ আই ইউ ডি এফে তাতকৈ বহুত কম আসন পাব। সেয়ে আজমল কেতিয়াও মুখ্যমন্ত্ৰী হব নোৱাৰে।

আজমল মুখ্যমন্ত্ৰী হ’ব বুলি বিজেপিৰ কেইজনমানে জোৰ-জুলুমকৈ মানুহৰ মনত সোমাই দিয়া বুলি অভিযোগ আনে প্ৰাক্তন সাংসদগৰাকীয়ে।

একেদৰে বদৰুদ্দিন আজমল আৰু তৰুণ গগৈক মোগল আখ্যা দিয়াত বিষ্ময় প্ৰকাশ কৰে আৰ পি শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মোগল আখ্যা দিয়া মানে সমগ্ৰ আহোম জনগোষ্ঠীক বদনাম কৰা বুলি অভিযোগ আনে আৰ পি শৰ্মাই।

Vinkmag ad

Eastern Times

Read Previous

ছ’চিয়েল মিডিয়া, নিউজ প’ৰ্টেল বনাম কেন্দ্ৰীয় চৰকাৰ শাসন কৰাৰ লগতে দায়বদ্ধতাও পালন কৰক

Read Next

বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱ আৰু নাই

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.