Breaking News

ডেনিয়েল হত্যাকাণ্ডঃ ৰিপুণ বৰাৰ বিৰুদ্ধে চি বি আয়ৰ হাতত নাই কোনো ৰেকৰ্ড, ২০ অক্টোবৰত পুনৰ শুনানী

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৬ অক্টোবৰঃ প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে ডেনিয়েল তপ্ন হত্যাকাণ্ডকলৈ কোনো তথ্যপাতি নাই। উল্লেখ্য যে সুদীর্ঘ ৬ বছৰৰ মূৰত সোমবাৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত পুনৰ উত্থাপিত হয় চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ।

গোচৰটো সৈতে জড়িত হৈ থকা ৰিপুণ বৰাক নিম্ন আদালতে দোষমুক্ত ঘোষণা কৰিছিল যদিও উক্ত ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চি বি আয়ে। সেই অনুসৰি চি বি আয়ে দাখিল কৰা ক্রিমিনেল ৰিভিউ পিটিচনখন (২৩০/২০১৪) সোমবাৰে শুনানিৰ বাবে তালিকাভুক্ত হৈছিল। পিছে গোচৰটো সন্দর্ভত সোমবাৰে চি বি আয়ে কোনো ৰেকর্ড দাখিল কৰিব নোৱাৰিলে। পৰৱর্তী শুনানিৰ দিন অহা ২০ অক্টোবৰ ধার্য কৰা হৈছে।

উল্লেখ্য যে ১৯৯৬ চনৰ বিধানসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে গহপুৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা চাহ জনগোষ্ঠীৰ জনপ্রিয় নেতা ডেনিয়েল তপ্নক ২০০০ চনৰ ছেপ্টেম্বৰত হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ। পৰৱর্তী সময়ত চাঞ্চল্যকৰ এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি বি আইক অর্পণ কৰা হৈছিল।

তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দ্বিতীয়টো কার্যকালত কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়তে ৰিপুণ বৰাই নতুন দিল্লীৰ এখন হোটেলত চি বি আইৰ বিষয়াক ১০ লাখ টকা উপটৌকন দিবলৈ গৈ হাতে–লোটে ধৰা পৰাৰ অভিযোগ উত্থাপিত হৈছিল। সেই সময়ত ৰিপুণ বৰাই তিহাৰ জেলত থাকিবলগীয়া হয়। পৰৱর্তী সময়ত এই গোচৰটোত তেওঁ জামিন লাভ কৰাৰ লগতে আদালতেও ক্লীনশ্বীট দিয়ে৷

সমান্তৰালভাৱে সত্র ন্যায়াধীশৰ আদালতে ডেনিয়েল তপ্নৰ হত্যাকাণ্ড গোচৰটোৰ পৰা দোষমুক্ত কৰে ৰিপুণ বৰাক। অৱশ্যে তদন্তকাৰী সংস্থা চি বি আয়ে নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে।

কিন্তু দীর্ঘদিনে এই গোচৰটো শুনানিৰ বাবে অহা নাছিল যদিও এই আবেদন শুনানিৰ বাবে গুৱাহাটী উচ্চন্যায়ালয়ত পুনৰ তালিকাভুক্ত হোৱাত ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিষয়টো বিশেষ তাতপৰ্যপূৰ্ণ হৈ পৰে। কিয়নো চমু চাপি আহিছে ২০২১ চনৰ বিধানসভা নির্বাচন। সেয়েহে পৰৱর্তী শুনানিসমূহত ৰিপুণ বৰাৰ বিৰুদ্ধে চি বি আয়ে উচ্চ ন্যায়ালয়ত কোনো নথিপত্র দাখিল কৰিব পাৰে নে নাই সেয়া লক্ষণীয় বিষয় হ’ব।

ইপিনে সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে সমগ্ৰ বিষয়টোত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে শীঘ্রে চি বি আয়ে এটা মীমাংসাত উপনীত হ’ব লাগে। বাৰে বাৰে এই গোচৰটোৰ শুনানি দীঘলীয়া কৰি থকাতকৈ সোনকালে নিষ্পত্তি হোৱাটো সকলোৰে কাম্য।

Vinkmag ad

Eastern Times

Read Previous

হাই-টেক হব অসমৰ কৃষক! মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ‘কিষাণ ৰথ’

Read Next

অসমত অনিৰ্দিষ্টকালীন চকা বন্ধঃ যাত্ৰীৰ হাৰাশাস্তি, নিৰুদ্বেগ চৰকাৰ

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.