ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ৩০ অক্টোবৰঃ প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ মইমতালী কামকাজত ক্ষুব্ধ হৈ পৰিছে দলৰ হাইকমাণ্ড। ধনৰ বিনিময়ত ব্লক, জিলা আনকি ৰাজ্যিক পৰ্যায়ৰ বিষয়বৱীয়া নিযুক্তি প্ৰদানৰ অভিযোগ লাভ কৰিছে এ আই চি চিয়ে।
ইয়াৰ পাছতেই ততপৰ হৈ পৰিছে অসমত দলৰ দায়িত্ব লাভ কৰা এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে। সমগ্ৰ বিষয়টোকলৈ তেওঁ অলপতে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাক পত্ৰযোগে সকীয়নি প্ৰদান কৰিছে।
ইস্টাৰ্ন টাইমছৰ হাতত মজুত থকা জীতেন্দ্ৰ সিঙৰ ‘অফিচ নোট’ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সালসলনি কৰাৰ পূৰ্বে এ আই চি চিৰ অনুমোদন লোৱাটো এতিয়াৰে পৰা বাঞ্ছনীয় কৰা হৈছে। কোৱা হৈছে শেহতীয়াকৈ এ আই চি চিৰ অনুমোদন অবিহনেই প্ৰদেশ কংগ্ৰেছত সালসলনি কৰা হৈছে। আনকি এ আই চি চিৰ অজ্ঞাতে অনুশাসনমূলক ব্যৱস্থাও গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতিজনে।
সেয়েহে এতিয়াৰে পৰা অসম কংগ্ৰেছত যিকোনো ধৰণৰ সালসলনি কিম্বা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পূৰ্বে এ আই চি চিৰ পৰা অনুমোদন লোৱাৰ বাবে জীতেন্দ্ৰ সিঙে ৰিপুণ বৰাক পোনপোনটিয়াকৈ নিৰ্দেশ প্ৰদান কৰে।
আনহাতে আন এক ‘অফিচ নোট’ যোগে অসমত দলৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদকজনে ৰাজ্যৰ একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলকো সকীয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে নিজাবৱীয়াকৈ সভা সমিতি পাতি এক বিশৃঙ্খল পৰিস্থিতি সৃষ্টি কৰি থকা হৈছে।
কোৱা হৈছে প্ৰাক-নিৰ্বাচনী সংবেদনশীল এই সময়ছোৱাত অনাগত দিনত যাতে কোনো নেতাই প্ৰদেশ কংগ্ৰেছ কিম্বা জিলা কংগ্ৰেছৰ অনুমোদন কিম্বা পৰামৰ্শ অবিহনে নিজাবৱীয়াকৈ কোনো ধৰণৰ সভা সমিতি নাপাতে।
দ্বিতীয় এই ‘অফিচ নোট’তেই জীতেন্দ্ৰ সিঙে ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বক এই সময়ছোৱাত সংবাদমাধ্যম কিম্বা জনসভাত কোনো ধৰণৰ বিতৰ্কিত মন্তব্য আগনবঢ়াবলৈ সকীয়াই দিয়ে। ৰাজহুৱাকৈ মন্তব্য কৰাৰ পূৰ্বে কংগ্ৰেছী নেতাসকল যাতে সংযত তথা যত্নশীল হয় তাৰ বাবে সিঙে নিৰ্দেশ জাৰি কৰিছে।
উল্লেখ্য যে অসমত দলৰ দায়িত্ব লাভ কৰাৰ পাছত দেওবাৰে জীতেন্দ্ৰ সিঙে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ যাব। অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা দলৰ জ্যেষ্ঠ নেতৃত্বক পত্ৰযোগে সিঙে যি সকীয়নি প্ৰদান কৰিছে সেয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে।
ইপিনে দলৰ একাংশ জ্যেষ্ঠ নেতাই প্ৰদেশ কংগ্ৰেছ সভাপতি পদৰ পৰা ৰিপুণ বৰাৰ অপসাৰণ দাবী কৰি আহিছে। বিশেষকৈ ধনৰ বিনিময়ত বিষয়বৱীয়া নিযুক্তি দিয়াৰ পাছত এতিয়া প্ৰাৰ্থীত্ব প্ৰদানৰ সময়তো ধনৰ লেনদেন কৰিব পাৰে বুলি একাংশ নেতাই হাইকমাণ্ডৰ ওচৰত পোনেপোনে অভিযোগ উত্থাপন কৰিছে।
পিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছ সভাপতি পদত সলনি হোৱাৰ সম্ভাৱনা নাই বুলিহে এ আই চি চিৰ শীৰ্ষ এটা সূত্ৰই এই প্ৰতিবেদকৰ আগত স্পষ্ট কৰি দিছে। সূত্ৰটোৰ মতে, সভাপতি সলনি কৰাৰ পৰিবৰ্তে অসমৰ সাংগঠিনক কামকাজৰ ওপৰত এ আই চি চি পোনপোটিয়াকৈ চকু ৰাখিব।
স্বভাবতই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সীমিত হৈ পৰিব ৰিপুণ বৰাৰ ক্ষমতা। বিশেষকৈ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানৰ বিষয়ত এ আই চি চিয়েই শেষ কথা কব বুলি সূত্ৰটোয়ে লগতে স্পষ্ট কৰি দিয়ে।
