Breaking News

‘বামুন-মহন্তবোৰ ভিক্ষাৰী, টুকুৰা টুকুৰাকৈ কাটিম’ বিপাঙত পৰি বিজেপি বিধায়কৰ ক্ষমা প্ৰাৰ্থনা

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৬ অক্টোবৰঃ ব্ৰাহ্মণ সমাজক ভিক্ষাৰী বুলি মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে। অৱশেষত ৰাইজৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈ মৰিগাঁও সমষ্টিৰ বিধায়কজনে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে সোমবাৰে এখন নিৰ্বাচনী সভাত বিধায়ক ৰমাকান্ত দেউৰীয়ে বামুন-মহন্ত বোৰক টুকুৰা টুকুৰকৈ কাটিম আৰু ভিক্ষাৰে পেট প্ৰৱৰ্তাই থকা বুলি কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰি দেউৰীৰ বক্তব্য– মই ব্ৰাহ্মণ সমাজৰ দুজন লোকৰ বিৰুদ্ধে ক’ব বিচাৰিছিলো। কিন্তু মোৰ মুখেৰে সমগ্ৰ ব্ৰাহ্মণ সমাজৰ কথা ওলাই গ’ল। মোৰ এই মন্তব্যৰ বাবে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছো।

বিধায়ক ৰমাকান্তই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ দুজন নেতাই ৰাইজৰ আগত তেওঁক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই থাকে আৰু সেয়ে তেওঁ ছাত্ৰ নেতা দুগৰাকীৰ বিৰুদ্ধে এই মন্তব্য কৰে। ‘মই ব্ৰাহ্মণ সমাজক ইচ্ছাকৃতভাৱে কোনো বেয়া মন্তব্য কৰা নাই। ব্ৰাহ্মণ সমাজৰ দুজন আছু নেতাক উদ্দেশ্যিহে এই মন্তব্য কৰিছিলো। কথাখিনি খং আৰু আৱেগত ওলাইছিল’– ভৰ্ৎসিত দেউৰীৰ তাতক্ষণিক প্ৰতিক্ৰিয়া হল এয়া।

তেওঁ লগতে কয়, ‍‘মই তিৱা মানুহ, কথাবোৰ চিধা চিধি কওঁ। মোৰ মন্তব্যই যদি কাৰোবাক আঘাত দিছে তেন্তে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো’।

Vinkmag ad

Eastern Times

Read Previous

ওদালগুৰিৰ বিষ্ময়! মানৱসৃষ্ট অৰণ্যলৈ দেশ বিদেশৰ সঁহাৰি

Read Next

হাই-টেক হব অসমৰ কৃষক! মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ‘কিষাণ ৰথ’

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.