
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ অসমতো কৃষক আন্দোলন গঢ়ি তোলা হব। ইয়াৰ বাবে অতি শীঘ্ৰে অসম ভ্ৰমণলৈ যাব দিল্লীত চলি থকা কৃষক আন্দোলনৰ অন্যতম পৰিচিত মুখ ৰাকেই টিকাইত।
শণিবাৰে ইষ্টাৰ্ন টাইমছৰ আগত টিকাইতে এই কথা জানিবলৈ দিয়ে। লগতে তেওঁ কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰো দাবী জনাই। অসম ভ্ৰমণৰ কালছোৱাত তেওঁ গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰিব।
কৃষকৰ স্বাৰ্থত সদায় মাত মাতি থকা অখিল গগৈক চৰকাৰে বন্দী কৰি ৰখাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি টিকাইতে অভিমত ব্যক্ত কৰে।
আনহাতে দিল্লীৰ উপকণ্ঠত চলি থকা কৃষক আন্দোলন সন্দৰ্ভত নেতা ৰাকেশ টিকেইটৰ দাবী– “কৃষি আাইন বাতিল আৰু ন্যুনতম সমৰ্থন মূল্যৰ ক্ষেত্ৰত আইনগত গেৰান্টী নপোৱালৈ আমি গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিম ৷”
তেওঁ লগতে কয় যে সংসসদত বিৰোধীয়ে কৃষি আইন, কৃষকৰ সমস্যাৰ কথা উত্থাপন কৰিছে। আমি এতিয়াও আশাবাদী যে চৰকাৰে আমাৰ লগত আলোচনাত বহি এই সমস্যাৰ সমাধান কৰিব ৷
আনহাতে ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ হিংসা সন্দৰ্ভত টিকেইতৰ দাবী– এয়া তৃতীয় পক্ষৰ কাম, আমাক বদনাম কৰিবলৈ এই ষড়যন্ত্ৰ কৰা হৈছিল। লালকিল্লাত পতাকা উৰুৱালে কৃষি আাইন বাতিল হৈ যাব নেকি? প্ৰশ্ন কৃষক নেতাজনৰ।
উল্লেখ্য যে শণিবাৰে দিল্লী সীমান্তত প্ৰতিবাদী কৃষকৰ প্ৰতিবাদে ভৰি দিলে ৮০ দিনত ৷ ১০ বাৰকৈ আলোচনা হোৱাৰ পিছত ২৬ জানুৱাৰীৰ টেক্ট্ৰৰ পেৰেডৰ পিছত এবাৰলৈও আলোচনাত বহা নাই কেন্দ্ৰীয় চৰকাৰ আৰু সংযুক্ত কৃষক মৰ্চাৰ প্ৰতিনিধি ৷
২৬ জানুৱাৰীৰ প্ৰতিবাদত হোৱা হিংসাকলৈ চৰকাৰ আৰু শাসকীয় দলে কৃষক আন্দোলনক মষিমুৰ কৰবলৈ উঠিপৰি লাগিছিল যদিও প্ৰতিবাদী কৃষকৰ অটল স্থিতিত এই দিশত সফল হব নোৱাৰিলে চৰকাৰ ৷
একপ্ৰকাৰ যুদ্ধ সদৃশ এক পৰিবেশৰে সীমান্তত দিল্লী আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়েও সমান্তৰালকৈ অৱস্থান গ্ৰহণ কৰিছে ৷
সাধাৰণ বেৰিকেডৰ উপৰি, কাইটীয়া তাৰৰ বেৰৰে প্ৰতিবাদী কৃষকসকল দিল্লীত প্ৰবেশত এনেদৰে বাধা দিয়া হৈছে যেন অন্য এখন দেশৰ নাগৰিকক দেশলৈ সোমৱাত আৰক্ষীয়ে বাধা দি ৰখিছে ৷
ইমানৰ পিছতো কিন্তু হাৰ মনা নাই কৃষকে ৷ এনে পৰিবেশৰ মাজত দিল্লীৰ তিনিওটা সীমান্ত ক্ৰমে গাজীপুৰ, তিৰ্কি আৰু সিংঘু সীমান্তত প্ৰতিবাদ অব্যাহত আছে কৃষকৰ ৷
লক্ষ্যনীয়ভাৱে ৰাকেশ টিকেইত এতিয়াও নিজে গাজীপুৰ সীমান্তত উপস্থিত থাকি প্ৰতিবাদী কৃষকসকলক নেতৃত্ব প্ৰদান কৰি আছে ৷
এতিয়া লৈকে চৰকাৰ আৰু কৃষক সংগঠনসমূহ নিজা নিজা স্থিতিত অটল হৈ আছে ৷ সকলোৱেই আশা কৰিছে দুয়ো পক্ষ আলোচনাৰ মেজত বহি সোনকালে সমস্যাৰ সমাধান কৰক ৷
