Breaking News

বুধবাৰে তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাব ৰাহুল গান্ধীয়ে

ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ২৪ নৱেম্বৰঃ প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাবলৈ বুধবাৰে গুৱাহাটীলৈ উৰা মাৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

এই মুহূৰ্তত গোৱাত অসুস্থ মাতৃ ছোনিয়া গান্ধীক সংগ দান কৰা ৰাহুলে বুধবাৰে পুৱাৰ ভাগতেই গোৱাৰ পৰা পোনে পোনে গুৱাহাটীলৈ যাব।

এ আই চি চিৰ সৈতে সমন্বয় ৰক্ষাৰ দায়িত্বত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিগন্ত চৌধিৰীয়ে এই কথা জানিবলৈ দিছে।

আনহাতে প্ৰয়াত তৰুণ গগৈৰ শেষকৃত্যত উপস্থিত থাকিব দলৰ সংগঠনৰ দায়িত্বত থকা সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু অসমত দলৰ পৰ্যবেক্ষক হিচাপে সদ্য দায়িত্ব লাভ কৰা সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে।

চৌধুৰীয়ে প্ৰকাশ কৰা মতে, কেৰালাত মাতৃৰ শেষকৃত্য সম্পন্ন কৰি কে চি বোনুগোপালে বুধবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটী আহি পোৱাৰ কথা। অন্যথা বৃহস্পতিবাৰে ৰাতিপুৱা কেৰালাৰ পৰা পোনেপোনে তেওঁ গুৱাহাটীলৈ আহিব। একেদৰে বুধবাৰে সন্ধিয়া কিম্বা বৃহস্পতিবাৰে পুৱাৰ ভাগত আহি পাব দলীয় পৰ্যবেক্ষক জীতেন্দ্ৰ সিঙে।

Vinkmag ad

Eastern Times

Read Previous

তৰুণ গগৈ প্ৰয়াতঃ জে পি নাড্ডাৰ অসম ভ্ৰমণ কাৰ্যসূচী স্থগিত

Read Next

কলাক্ষেত্ৰত ‘ৰাজনৈতিক গুৰু’ক ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.