Breaking News

কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ! সংসদৰ যৌথ অধিবেশন বৰ্জন কৰিব বিৰোধীয়ে

Protest against agricultural law! Opposition to boycott joint session of Parliament

ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে সংসদৰ যৌথ অধিবেশন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজ্যসভাত বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে। আজাদে প্ৰকাশ কৰা মতে ১৬টাকৈ বিৰোধী দলে একেলগে সংসদৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰিব।

লক্ষ্যনীয়ভাৱে কৃষি আইন বাতিলৰ দাবীত চৰকাৰৰ ওপৰত চাপ সৃষ্টিৰ লক্ষ্যৰে বিৰোধীয়ে এই নতুন উপায় অৱলম্বন কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে লগতে গণৰাজ্য দিৱসত দিল্লীত সংঘটিত হিংসাত চৰকাৰৰ কি ভূমিকা আছিল তাক লৈ তদন্তৰো দাবী উত্থাপন কৰে।

উল্লেখ্য যে বুধবাৰে কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বৰ্খাস্ত কৰাৰ দাবী জনাইছিল। কংগ্ৰেছৰ বক্তব্য– দিল্লীৰ আইন-শৃংখলা যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আওতাত পৰে সেয়েহে ইয়াৰ দায়িত্ব অমিত শ্বাহে ল’ব লাগিব।

বুধবাৰৰ সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সুৰজেৱালাৰ বক্তব্য আছিল– প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়াই অমিত শ্বাহক বৰ্খাস্ত কৰা উচিত।

চৰকাৰে কৃষক আন্দোলনক দুৰ্বল কৰাৰ বাবেই এচাম বিক্ষোভকাৰীৰ সৈতে ষড়যন্ত্ৰ কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। চৰকাৰৰ ষড়যন্ত্ৰৰ বাবেই লালকিল্লাত ধৰ্মীয় পতাকা উৰিছে বুলিও দলটোৰ অভিযোগ।

ইপিনে বৃহস্পতিবাৰে গোলাম নবী আজাদৰ অভিযোগ– চৰকাৰে সংসদত কৃষি আইনকলৈ আলোচনা কৰাৰ যথেষ্ট সময় তথা সুযোগ দিয়া নাছিল। পৰিপূৰ্ণ আলোচনা অবিহনেই একপ্ৰকাৰ বলপূৰ্বকভাৱে বিধেয়ককেইখন গৃহীত কৰি নিয়া হৈছিল।

সংসদৰ যৌথ অধিবেশন বৰ্জন কৰি বিৰোধীয়ে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আজাদে সাংবাদিকৰ আগত মত ব্য়ক্ত কৰে।

Vinkmag ad

Eastern Times

Read Previous

অব্যাহত থাকিব কৃষক আন্দোলন, ‘চৰকাৰ ঘনিষ্ট’ দুই সংগঠনৰ আন্দোলন প্ৰত্যাহাৰ

Read Next

গ্ৰামীণ ভাৰতত স্কুলীয়া বিদ্যাৰ্থীৰ ওচৰত স্মাৰ্ট ফোনৰ সংখ্যা ২০১৮ত ৩৬ .৫%ৰ তুলনাত ২০২০ত বাঢ়ি ৬১.৮% হ’ল

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.