
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ বিজ্ঞান জগতত উজ্জ্বল নক্ষত্ৰস্বৰূপ ‘ছায়েন্স জাৰ্নাল’ত উজলিল অসমৰ এগৰাকী সুসন্তান। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ প্রীতমজ্যোতি বৰাই ভাৰতৰ খৰাং জলবায়ুৰ ওপৰত কৰা গৱেষণাই স্থান লাভ কৰিলে বিশ্ববিখ্যাত আলোচনীখনত।
প্ৰীতমজ্যোতি হৈছে বাংগলুৰুৰ প্ৰেষ্টিজিয়াছ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ গৱেষক ছাত্র। ‘ছায়েন্স জার্নাল’ত প্রকাশ পোৱা গৱেষণা-পত্রখনত ১৯০১ চনৰ পৰা ২০১৫ চনলৈকে এক শতিকাৰো অধিক সময়ৰ ২৩টা খৰাঙৰ ওপৰত অধ্যয়ন কৰি এক গুৰুত্বপূর্ণ তথ্য সন্নিৱিষ্ট কৰা হৈছে।
প্ৰীতমজ্যোতিৰ গৱেষণতা দেখা গৈছে ভাৰতত হোৱা ৫০ শতাংশ খৰাঙৰ মূল কাৰণ হ’ল নর্থ আটলাণ্টিক মহাসাগৰৰ জলবায়ু তৰংগৰ প্রভাৱ।
উল্লেখ্য যে ইয়াৰ পূর্বে বিজ্ঞানীসকলে ভাৰতত হোৱা ৫০ শতাংশ খৰাঙৰ মূল কাৰণ হিচাপে প্রশান্ত মহাসাগৰৰ বায়ুমণ্ডলীয় প্রভাৱ বুলি নিশ্চিত হৈছিল যদিও বাকী ৫০ শতাংশ খৰাঙৰ কাৰণ সঠিকভাৱে চিনাক্ত কৰিব পৰা নাছিল। প্রীতমজ্যোতি বৰাই তেওঁৰ গাইড আৰু প্রফেছাৰসহ মুঠ চাৰিজন বিশেষজ্ঞৰ সহায়ত এই গৱেষণা সম্পন্ন কৰি গৱেষণা-পত্র ২০১৯ চনত ছায়েন্স জার্নালত প্রকাশৰ বাবে প্রেৰণ কৰিছিল।
সুদীর্ঘ সময় বিবেচনাৰ পাছত ছায়েন্স জার্নালৰ তৰফৰ পৰা ছেপ্টেম্বৰ মাহত প্রীতমজ্যোতি বৰাক জানিবলৈ দিয়ে যে তেওঁৰ গৱেষণা প্রতিবেদন প্রকাশৰ বাবে গ্রহণ কৰা হৈছে।
শুকুৰবাৰে আজি প্রীতমজ্যোতি বৰুৱাৰ গৱেষণা-পত্র ছায়েন্স জার্নালত প্রকাশ হোৱাৰ লগে লগে দেশ-বিদেশৰ বিজ্ঞান মহলৰ বহুজনে তেওঁক শুভেচছা জ্ঞাপন কৰাৰ লগতে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ তৰফত ৰাষ্ট্রীয় সংবাদ মাধ্যমলৈ প্রেছ বিজ্ঞপ্তি প্রেৰণ কৰা হৈছে।
প্রীতমজ্যোতি বৰাৰ লগতে এই গৱেষণা-পত্রত তেওঁৰ গাইড আৰু সহযোগী ৰূপে নাম প্রকাশ হোৱাসকল হ’ল– পি জে বৰা, ভি বেণুগোপাল, জে সুখাত্মে, পি মুৰেবিহাল আৰু বি এন গোস্বামী।
ইয়াৰে বি এন গোস্বামী কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক হোৱাৰ বিপৰীতে পি জে বৰা হ’ল বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ চেণ্টাৰ ফৰ এটম’ছফেৰিক এণ্ড অচেনিক ছায়েন্সেছৰ অধ্যাপক।
নিজৰ গৱেষণা সন্দৰ্ভত সংবাদমাধ্যমৰ আগত প্রীতমজ্যোতি বৰাৰ বক্তব্য– ‘মোৰ প্রতিবেদন বিশ্ববিখ্যাত ছায়েন্স জার্নালত প্রকাশ পোৱাত মই অত্যন্ত সুখ অনুভৱ কৰিছোঁ। তিনি বছৰজোৰা গৱেষণা আৰু অধ্যয়নৰ এক ফল ৰূপে ইয়াক অভিহিত কৰিছোঁ৷’
গাইড আৰু সহযোগীকেইজনক ধন্যবাদ জনাই তেওঁ কয়– ‘বর্তমানলৈকে ভাৰতত হোৱা খৰাংবোৰৰ বহু গুৰুত্বপূর্ণ কাৰক চিনাক্ত কৰাত বিজ্ঞানীসকল সম্পূর্ণভাৱে সফল হোৱা নাছিল৷ আমি এক শতিকাৰো অধিক কালজুৰি ভাৰতত হোৱা খৰাঙৰ তথ্য সংগ্রহ কৰি সেইবোৰ বিশদভাৱে অধ্যয়ন কৰিছিলোঁ’।
