ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ১৭ অক্টোবৰঃ ভোকাতুৰৰ দেশত পৰিণত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘নব্য ভাৰত’। ২০২০ চনৰ গ্লোৱাল হাংগাৰ ইনডেক্স অৰ্থাত সাৰ্বজনীন ক্ষুধাৰ সূচকত ক্ৰমাত ভাৰতৰ স্থান অৱনমিত হৈছে। ক্ষুধাৰ সূচকত চুবুৰীয়া মুঠ ৮ খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ৭ নম্বৰত। আন্তৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা অনুষ্ঠান ৱেলথাংগাৰলাইফ আৰু কনচাৰ্ন ৱাৰ্ল্ডৱাইডে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত ভাৰতৰ বাবে অতি লজ্জাজনক এই তথ্য পোহৰলৈ আহিছে।
বিশ্বৰ মুঠ ১০৭ খন দেশৰ ভিতৰত ক্ষুধাৰ সূচকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘নব্য ভাৰতে’ স্থান লাভ কৰিছে ৯৪ নম্বৰ দেশ হিচাপে। ভাৰতৰ ষ্কোৰ হৈছে ২৭.২। ক্ষুধাৰ এই সূচকত ভাৰততকৈ অতি উন্নত স্থানত আছে চুবুৰীয়া পাকিস্তান (২৪.৬), ম্যানমাৰ (২০.৯), বাংলাদেশ (২০.৪), নেপাল (১৯.৫) আৰু শ্ৰীলংকা (১৬.৩)।
উল্লেখ্য যে বিশ্বৰ মাত্ৰ ১৭খন দেশ ক্ষুধাৰ সূচকত ৫তকৈ কম ষ্কোৰ কৰি প্ৰায় ভোকাতুৰহীন দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ মাজত আছে ভাৰতৰ চুবৰীয়া ৰঙা চীন। চুবুৰীয়া দেশ হিচাপে ভাৰততকৈ ক্ষুধাৰ্ত দেশ হৈছে যুদ্ধ বিধ্বস্ত আফগানিস্তান। দেশখনৰ ক্ষুধাৰ সূচক হৈছে ৩০.৩।
মন কৰিব লগীয়া যে ৱেলথাংগাৰলাইফ আৰু কনচাৰ্ন ৱাৰ্ল্ডৱাইডে ২০০৬ চনৰ পৰা গ্লোৱাল হাংগাৰ ইনডেক্স প্ৰকাশ কৰি আহিছে। মুঠ তিনিটা শীতানত ভাগ কৰা হৈছে ক্ষুধাৰ এই সূচক– ‘কম’, ‘পৰিমিত’ আৰু ‘গুৰুতৰ’।
স্বাভাবিকভাৱে চুবুৰীয়া দেশ হিচাপে চীনে স্থান লাভ কৰিছে ‘কম’ শীতানত। শ্ৰীলংকা আৰু নেপালৰ স্থান হৈছে ‘পৰিমিত’ শীতানত। ইয়াৰ বিপৰীতে বাংলাদেশ, ম্যানমাৰ, পাকিস্তান, ভাৰত আৰু আফগানিস্তানে উদ্বেগজনকভাৱে ‘গুৰুতৰ’ শীতনত তালিকাভুক্ত হৈছে।
ক্ষুধাৰ এই সূচকত মুঠ চাৰিটা দিশ নিৰ্দেশক আছে (ইণ্ডিকেটৰ)– আণ্ডাৰনাৰিছমেন্ট অৰ্থাত অপুষ্টি, চাইল্ড ৱেষ্টিং অৰ্থাত দৈহিক উচ্চতাৰ বিপৰীতে শৰীৰৰ ওজন, চাইল্ড ষ্টান্টিং অৰ্থাত শাৰীৰীক-মানসিক প্ৰতিবন্ধকতা আৰু চাইল্ড মৰ্টেলিটি অৰ্থাত শিশু মৃত্যুৰ হাৰ। ইয়াৰ ভিতৰত চাইল্ড ৱেষ্টিং আৰু ষ্টান্টিঙত ভাৰতৰ অত্যন্ত শোচনীয় অৱস্থাৰ বহিঃপ্ৰকাশ ঘটিছে।
বাস্তৱত যোৱা ৫ বছৰত অৰ্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভাৰতৰ চাইল্ড ৱেষ্টিংঙৰ হাৰ ১৭.৩ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ২০১০ চনৰ পৰা ২০১৪ চনলৈকে ভাৰতৰ চাইল্ড ৱেষ্টিঙৰ হাৰ আছিল ১৫.১ শতাংশ।
আনহাতে যোৱা দুই দশকৰ তুলনামূলক বিশ্লেষণত চাইল্ড ষ্টান্টিঙত নিৰিখত ভাৰতে কিছু উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও দেশখন আটাইতকৈ পুতৌজনক শীতানত স্থান লাভ কৰিছে। ২০২০ চনত ভাৰতৰ চাইল্ড ষ্টান্টিঙৰ হাৰ আছিল ৫৪ শতাংশ আৰু ২০১৯ত এই হাৰ হ্ৰাস পাইছে ৩৫ শতাংশলৈ।
একেদৰে অপুষ্টি আৰু শিশু মৃত্যুৰ হাৰতো যোৱা দুই দশকত ভাৰতে কিছু উন্নত ফল দেখুৱাইছে যদিও এতিয়াও স্থিতি যথেষ্ট উদ্বেগজনক হৈ আছে। এই মুহূৰ্তত ভাৰতত শিশু মৃত্যুৰ হাৰ হৈছে ৩.৭ শতাংশ। আনহাতে দেশৰ মুঠ জনংখ্যাৰ ১৪ শতাংশই আজিৰ দিনটোত পুষ্টিহীনতাত ভুগি আছে।
ইপিনে সাৰ্বজনীন ক্ষুধাৰ সূচকত দেখা গৈছে সমগ্ৰ বিশ্বত এই মুহূৰ্তত ৬৯ কোটি লোক পুষ্টিহীনতাত ভুগি আছে। লক্ষ্যনীয়ভাৱে বিশ্বব্যাপী এই তথ্য কৰোনা অতিমাৰীৰ পূৰ্বে সংগ্ৰহ কৰা হৈছিল।
সেয়েহে ৱেলথাংগাৰলাইফ আৰু কনচাৰ্ন ৱাৰ্ল্ডৱাইডে আশংকা কৰা মতে, ২০২০ চনত কৰোনাকালীন পৰিস্থিতিত ক্ষুধাৰ সূচক কেবাগুন বৃদ্ধি পাব পাৰে। ভাৰতৰ নিছিনা দেশত ক্ষুধাৰ সূচক সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰা হৈছে।
‘অপৰিকল্পিত লকডাউন’ৰ কালছোৱাত ভাৰতে অলিখীত দুৰ্ভিক্ষৰ সন্মুখীন হোৱা বুলি ধাৰণা ব্যক্ত কৰা হৈছে। কোৱা হৈছে ২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ ‘জিৰ হাংগাৰ’ শীৰ্ষক লক্ষ্য কেৱল কাগজ কলমতেই সীমাবদ্ধ হৈ থাকিব।
কোভিড-১৯ অতিমাৰীয়ে সমগ্ৰ বিশ্বখনক কেবা খোজ পিছুৱাই দিয়া বুলি আন্তৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা অনুষ্ঠানটোয়ে অভিমত ব্যক্ত কৰিছে।
আনহাতে সামগ্ৰিকভাৱে ভাৰতৰ বাবে কোভিড-১৯ অতিমাৰীয়ে এক অশনি সংকেত কঢ়িয়াই আনিছে। কৰোনাৰ প্ৰত্যাহ্বানক নেওচি জনমুৰী ঘৰুৱা উতপাদনৰ হাৰত ভাৰতক ইতিমধ্যে চেৰ পেলাইছে বাংলাদেশে।
ক্ষুধাৰ সূচকতো ভাৰততকৈ চুবুৰীয়া দেশসমূহে উন্নত অৱস্থাত আছে। এতিয়া অনাগত দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত কোন দিশে গতি কৰে সেয়া অতিশয় লক্ষ্যনীয় বিষয় হৈ পৰিছে।
