
ভাৰতৰ হাতত গুৰুত্বপূর্ণ ভেক্সিন-কূটনীতিও
ইষ্টাৰ্ণ টাইম্ছ, নতুনদিল্লী: শনিবাৰে ১৯তম প্রবাসী ভাৰত দিৱস উপলক্ষে এখন ভার্চুৱেল সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দাবী, “এই কিছুদিন আগতেও পিপিই কিট, মাস্ক, ভেন্টিলেটৰ-সহ টেস্টিং কিট বাহিৰৰ পৰা আমদানি কৰিছে ভাৰতে। এতিয়া সেই সামগ্রীৰ মাজত কেইবাটাও আমি ৰপ্তানি কৰো।
এতিয়া আমাৰ দেশ আত্মনির্ভৰ।’’ অক্সফোর্ড-অ্যাস্ট্রাজেনেকাৰ কোভিশিল্ড, যি উৎপাদন কৰিছে পুণেৰ ছেৰাম ইনস্টিটিউটে৷ দেশীয় প্রযুক্তিত তৈয়াৰ ভাৰত বায়োটেক ও ইন্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিছার্চৰ উদ্যোগত প্ৰস্তুত কোভেক্সিনে সম্প্রতি ভাৰতত জৰুৰী ভিত্তিত ব্যৱহাৰৰ অনুমতি পত্র পাইছে।
তদুপৰি, আহমেদাবাদৰ ঔষধ প্রস্তুতকাৰী সংস্থা জাইডাস-ক্যাডিলাৰ ভেক্সিনৰো ক্লিনিকেল ট্রায়েল চলিছে। সেই প্রসঙ্গতে মোদীৰ মন্তব্য, ‘‘আজি আমি ভাৰতত প্ৰস্তুত দুটা কোভিড ভেক্সিনৰ মাধ্যমত মানৱজাতিক ৰক্ষা কৰিবলৈ সাজু।’’
তথাপিও, প্রধানমন্ত্রীয়ে দুটা ভেক্সিনৰ মাধ্যমত মানৱজাতিক ৰক্ষাৰ কথা ক’লেও সমস্যা হৈছে, দেশৰ মানুহক আগেয়ে কৰোনা ভেক্সিন দিয়া হ’ব, নে টিকা পঠোৱা হ’ব প্রতিবেশী দেশসহ বিশ্বৰ বিভিন্ন বন্ধু দেশৰ ওচৰলৈ, যাতে তাৰ মানুহে একেলগে টিকা ল’ব পাৰে৷
এতিয়ালৈকে চৰকাৰীভাৱে স্বাস্থ্য বা পৰৰাষ্ট্র মন্ত্রণালয়ৰ পৰা কিন্তু এই বিষয়ত কোনো স্পষ্ট নীতি ঘোষণা কৰা হোৱা নাই৷ অৱশ্যে বিদেশমন্ত্রী এছ জয়শঙ্কৰে যোৱা বুধবাৰে কলম্বোত কৈছে, ‘‘আমি এতিয়া কোভিড পৰৱর্তী সহযোগিতাৰ দিশত লক্ষ্য কৰিছো৷ এতিয়া আমি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মনোভাবৰ কথা জানিব খোজো৷ তেওঁ কৈছে, ভাৰতে ভাবে, আন্তর্জাতিক ক্ষেত্রত সহযোগিতা কৰাটো তেওঁৰ কর্তব্য৷’’
বাংলাদেশ, শ্রীলঙ্কা, নেপাল, ভুটান, মালদ্বীপ, মায়ানমাৰৰ দৰে প্রতিবেশী দেশবিলাকে কৰোনাৰ ভেক্সিনৰ বাবে ভাৰতৰ দিশে চাই আছে৷ সাম্প্রতিক সময়ত নানা কাৰণত ভাৰতৰ সৈতে প্রতিবেশী দেশবিলাকৰ সম্পর্ক কিছু বেয়া হৈছে বা সম্পর্কত জটিলতাই দেখা দিছে৷
এই অবস্থাত ভেক্সিন-কূটনীতিক হাতিয়াৰ কৰি আকৌ সেই সম্পর্ক পুনৰুদ্ধাৰ কৰাৰ সুযোগ ভাৰতৰ সন্মুখত আহি পৰিছে৷ আৰু তাৰেই সদ্ব্যৱহাৰ কৰিব বিচাৰিছে মোদী চৰকাৰে৷ আৰু এই কাৰণেই ভেক্সিন -কূটনীতি অত্যন্ত গুৰুত্বপূর্ণ৷ এই ক্ষেত্রত এটা ব্যালেন্সৰ খেলা দেখুৱাব লাগিব মোদীচৰকাৰে৷ কাৰণ, তেওঁৰ সন্মুখত এতিয়া দেশৰ ১৩৮ কোটি মানুহক টিকা দিয়াৰ ব্যৱস্থা কৰা যিমান জৰুৰী, সিমানেই প্রয়োজনীয় মানবিক কাৰণত আৰু কূটনীতিৰ স্বার্থত প্রতিবেশীসহ বন্ধু দেশবিলাকৰ কাষত ভেক্সিন দ্রুত পৌঁছাই দিয়া৷
