
ইষ্টাৰ্ণ টাইম্ছ, নতুনদিল্লী: শনিবাৰে ভাৰতত আৰম্ভ হ’ব কোভিডৰ টীকাকৰণ। অভিযানৰ সূচনা কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । জনাইছে নীতি আয়োগৰ পৰিকল্পনা কমিটিৰ সদস্য ভি কে পলে। তেওঁ কয়, যি ৰাজ্যত যিমান জন স্বাস্থ্যকর্মী আছে, সেই অনুযায়ী টীকাৰ বণ্টন হ’ব। ইতিমধ্যেই ৰাজ্যসমূহত পৌঁছি গৈছে কোভ্যাক্সিন আৰু কোভিশিল্ড টীকা।
স্বাস্থ্যকর্মী, প্রথম শাৰীৰ কৰোনা যোদ্ধাসকলৰ দৰে প্রায় ৩ কোটি ব্যক্তিক অগ্রাধিকাৰ ভিত্তিত এই টীকা দিয়া হ’ব। ইয়াৰ পিছত ৫০ উর্দ্ধ তথা তাৰ পিছত ৫০ৰ তলৰ অন্যান্য ৰোগৰ উপসর্গ থকা ২৭ কোটি ব্যক্তিক কৰোনাৰ টীকা দিয়া হ’ব।
টীকাকৰণ অভিযানৰ চূড়ান্ত প্রস্তুতি নিৰীক্ষণ কৰিবলৈ কেন্দ্রীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্রালয়ৰ পক্ষৰ পৰা বিভিন্ন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে ভিডিও কনফাৰেন্সৰ মাধ্যমত ভ্যাকসিন সংক্রান্তত কোউইন- ছফ্টৱেৰ সম্পর্কে বিস্তাৰিত জনোৱা হৈছে।
বুধবাৰৰ সেই বৈঠকত পৌৰোহিত্য কৰে কোভিড মোকাবিলাৰ বাবে গঠিত এম্পাওৱার্ড গ্রুপ অফ টেকনোলজি অ্যান্ড ম্যানেজমেন্টৰ চেয়াৰম্যান শ্রী ৰাম সেবক শর্মাই।
বৈঠকত বিভিন্ন ৰাজ্যৰ প্রধান সচিব, ন্যাশনাল হেলথ মিশনৰ অধিকর্তাসকলৰ উপৰিও স্বাস্থ্যমন্ত্রীৰ বিষয়াসকল উপস্থিত আছিল। ভ্যাকসিন অনুশীলনৰ বিষয়টোক লৈও বৈঠকত বিস্তাৰিত আলোচনা হয়।
শ্রী আৰ এছ শর্মাই তেওঁৰ বক্তব্যত কোউইন ছফ্টৱেৰ সম্পর্কে বিস্তাৰিত আলোচনা কৰে। ভ্যাকসিন দিয়াৰ ক্ষেত্রত ভ্যাকসিন গ্রহীতাসকলৰ আধাৰ কার্ডৰ প্ল্যাটফর্ম ব্যবহাৰৰ প্রতি তেওঁ গুৰুত্বাৰোপ কৰে।
সংশ্লিষ্ট ছফ্টৱেৰত কেনেকৈ ভ্যাকসিন গ্রহীতাসকলৰ তথ্য নথিভুক্ত কৰিব লাগিব সেই সম্পৰ্কেও সেইদিনা বিস্তাৰিত আলোচনা হয়।
নীতি আয়োগৰ পৰিকল্পনা কমিটিৰ সদস্য ভি কে পলে কৈছে , প্রকল্পৰ সূচনা সম্পৰ্কে সমস্ত খুঁটিনাটি বিষয় ক্রমে স্থিৰ কৰা হ’ব। শনিবাৰে দেশৰ ৩০০০ কেন্দ্রত দিয়া হ’ব টীকা।
প্রত্যেক কেন্দ্রত প্রতিদিনে ১০০জন কৈ টীকা পাব। ক্রমে দেশৰ পাঁচ হাজাৰ কেন্দ্রত টীকাকৰণ চলিব। টীকাকৰণ আৰম্ভ হ’লে ভার্চুৱেল মাধ্যমত প্রধানমন্ত্রীয়ে দেশৰ বেছ কিছু ৰাজ্যৰ স্বাস্থ্যকর্মীসকলৰ সৈতে কথা পাতিব বুলি খবৰ। আপাতত চৰকাৰে পুনেৰ ছেৰাম ইনস্টিটিউটৰ পৰা
এক কোটি ১০ লক্ষ টীকা কিনিছে। প্রতি ডোজৰ দাম ২০০ টকা। ভাৰত বায়োটেক সংস্থাৰ কোভ্যাক্সিনৰো ৫৫ লক্ষ ডোজ কিনা হৈছে।
