Breaking News

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তঃ বিটিআৰত তিনিকোণীয়া প্ৰতিদ্বন্দ্বীতাৰ সম্ভাৱনা

Possibility of triangular contest in BTR within the first phase of election campaign

জজদীশ হাজৰিকা, গুৱাহাটী, ৫ ডিচেম্বৰঃ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্ত পৰে৷ দুটা পৰ্যায়ত মুঠ ৪০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ওদালগুৰি আৰু বাক্সা দুয়োখন জিলাৰ মুঠ ২১ টা পৰিষদীয় সমষ্টিৰ বাবে এই ৭ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব৷

এইবাৰ বড়োভূমিত নিৰ্বাচন প্ৰচাৰ সাংঘাতিক আকৰ্ষণীয় হৈ উঠিছে৷ পূৰ্বৰ শাসনাধিষ্ঠি হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ লগতে প্ৰমোদ বড়োৰ ইউপিপিএল, সাংসদ নৱ শৰণীয়াৰ জেএচপি আৰু গেৰুৱা দল বিজেপিয়ে ক্ষমতা কায়েম কৰাৰ অভিসন্ধিত সৰ্বশক্তিৰে নিজা নিজা কৌশলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ জোৰদাৰ প্ৰচেষ্টা চলাইছে৷ শেহতীয়াভাৱে কংগ্ৰেছ-এআইডিএফে মিত্ৰজোঁটেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়৷ বিজেপিয়ে যেনেদৰে মিত্ৰ বিপিএফৰ ভেটি ভাঙিবলৈ আগবাঢ়িছে, বিপৰীতে আকৌ মিত্ৰ দল অগপৰ লগতে কংগ্ৰেছে হাগ্ৰামা মহিলাৰীৰ উদ্ধাৰ অভিযানত ব্যস্ত হৈছে৷

ব্যাপক ধন-জনেৰে নিৰ্বাচনী প্ৰচাৰত খদমদম লগাই আকাশ-বতাহত খলকনিৰ সৃষ্টি কৰা এইবাৰৰ নিৰ্বাচনত তিনিকোণীয়া প্ৰতিদ্বন্দ্বীতাৰ সম্ভাৱনা প্ৰকট হৈছে৷ বিপিএফ, ইউপিপিএল আৰু বিজিপিৰ মাজতে নিৰ্বাচনী যুঁজ হ’ব বুলি পূৰ্বানুমান কৰিব পাৰি৷ ১৫ বছৰ ক্ষমতাৰ বাঘজৰী হাতত ৰাখিবলৈ সক্ষম হোৱা বিপিএফে এইবাৰ নিৰ্বাচনত পূৰ্বৰ সফলতা ধৰি ৰাখিবলৈ যে সক্ষম নহ’ব সেইকথা ইতিমধ্যে নিশ্চিত হৈ পৰিছে৷

গেৰুৱা দল বিজেপিৰ আগ্ৰাসনে দলটোলৈ বিপৰ্যয় নমাই আনিছে বুলি ক’ব পাৰি৷ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন আন নেতা আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চলোৱা ধাৰিবাহিক প্ৰচাৰত বিপিএফ ৰণত পৰাৰ সম্ভাৱনাই অধিক৷

আনহাতে বিটিআৰ চুক্তিৰ অন্যতম প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ চমকপ্ৰদ উত্থাপনেও বিপিএফক দিশহাৰা কৰি তুলিছে৷ প্ৰতিটো দলেই প্ৰাক্ নিৰ্বাচনী আশ্বাস-প্ৰতিশ্ৰুতিৰ প্লাৱন বোৱাই ইটো দলৰ নেতাই আনটোৰ ওপৰত তীব্ৰ বাক্যবান নিক্ষেপ কৰি বড়োভূমি গৰম কৰা এইবাৰৰ নিৰ্বাচনী প্ৰচাৰে ৰাইজৰ দৃষ্টি বাৰুকৈয়ে আকৰ্ষণ কৰিছিল৷

আনহাতে বিজেপি, ইউপিপিএল, জেএচ পি, বিপিএফ, কংগ্ৰেছ-এআইডিএফ মিত্ৰজোঁট সকলো দলেই অঞ্চলটোত বসবাস কৰা প্ৰত্যেক জাতি-জনজাতি-জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিয়াৰ প্ৰাক্ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাটো এক উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে৷ আনহাতে কালি আৰু কেইদিনমান আগতে বড়োভূমিত বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হৈছে৷ এই কথাত বহুতে নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে যদিও চৰকাৰে ব্যাপক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে৷

 

Vinkmag ad

Eastern Times

Read Previous

‘কেইসপ্তাহ মানৰ ভিতৰতে ভেক্সিন আহিব’, বৈঠকত জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে

Read Next

কৃষক সংগঠন আৰু ভাৰত চৰকাৰৰ বৈঠক আকৌ ব্যর্থ, ৯ ডিচেম্বৰত পৰবর্তী বৈঠক

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.