ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ৭ অক্টোবৰঃ বুধবাৰে পুৱতি নিশা ভাৰত-নেপাল সীমানতৰ পৰা গুৱাহাটীলৈ অহা হয় এছ আই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড তথা ৰাজ্যৰ প্ৰাক্তন ডিআ জি পি কে দত্তক। পাছত ৬ দিনৰ চিআইডি জিম্মালৈ প্ৰেৰণ কৰা হয় দত্তক।
লক্ষ্যনীয়ভাৱে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত চিআইডিয়ে ৭ দিনৰ জিম্মাত বিচাৰিছিল পি কে দত্তক। কিন্তু আদালতে দত্তক ৬ দিনৰ জিম্মাত দিয়ে চিআইডিক।
ইপিনে চিআইডিৰ জিম্মালৈ নিয়াৰ পূৰ্বে পি কে দত্তৰ স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে আদালতে। সেই অনুসৰি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত দত্তৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এছ আই কেলেংকাৰীৰ খলনায়কজনে হৃদৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে বুলি আদালতক অৱগত কৰিছিল।
উল্লেখযোগ্য যে, মংগলবাৰে পুৱাৰ ভাগত ভাৰত-নেপাল সীমান্তৰ পৰা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পি কে দত্তক। বুধবাৰে পুৱতি নিশা তেওঁক চিআইডি কাৰ্যালয়লৈ লৈ অনা হয়।
অভিযোগ অনুসৰি, পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকাই মিলি অসম আৰক্ষীৰ এছ আই নিযুক্তিৰ কেলেংকাৰি সংঘটিত কৰিছিল। ভাৰতীয় দণ্ড বিধিৰ ধাৰা ১২০(বি), ৪০৯ আৰ ডব্লু, ৬৬(বি)ৰ অধীনত চিআইডিয়ে দত্তক গ্ৰেপ্তাৰ কৰি গোচৰ (২১/২০) ৰজু কৰে।
