
ইষ্টাৰ্ণ টাইমছ , নতুন দিল্লী: ভাৰতত কোভিড প্রতিষেধক টিকা বিক্রী আৰু বন্টন কৰিবলৈ অনুমোদন বিচাৰিছে ফাইজাৰে।আপতকালীন ব্যৱহাৰৰ বাবে তেওঁলোকে প্ৰস্তুত কৰা কোভিড প্রতিষেধক ভাৰতত বিক্ৰী কৰিবলৈ চৰকাৰৰ অনুমতি বিচাৰিছে মার্কিন ঔষধ কোম্পানী ফাইজাৰে।
ব্রিটেইন আৰু বাহাৰিনৰ অনুমোদনৰ পিছত এতিয়া ভাৰতত টিকাকৰণৰ অনুমতি বিচাৰিছে ফাইজাৰে। এই প্রথম কোনো সংস্থাৰ তৰফৰ পৰা ভাৰতত টিকাকৰণৰ বাবে ড্রাগ কন্ট্রোলাৰ জেনেৰেল অফ ইন্ডিয়াৰ পৰা অনুমতি বিচৰা হৈছে। ২০১৯ চনৰ নিউ ড্রাগছ এন্ড ক্লিনিক্যাল ট্রায়েলৰ আওতাত ভাৰতত টিকাৰ প্রয়োগজনিত পৰীক্ষা কৰিবলৈ আগ্রহী ফাইজাৰ।
ইয়াৰ বাবেই জৰুৰী ভিত্তিত অনুমতি বিচৰা হৈছে বুলি জানিব পৰা গৈছে।
প্রতিষেধক প্ৰস্তুতিৰ নিগনি দৌৰত কোনো ঔষধ কোম্পানীৰ ফালৰ পৰা এনেধৰণৰ অনুৰোধ প্রথম পালে ডিসিজিআইয়ে। বুধবাৰে জমা দিয়া সেই আবেদনপত্রত ফাইজাৰে ভাৰতত বিক্রী আৰু বিতৰণৰ বাবে প্রতিষেধক আমদানি, আৰু ২০১৯ৰ নতুন ড্রাগ্ছ এণ্ড ক্লিনিক্যাল ট্রায়েল নীতিৰ মাধ্যমত ভাৰতীয় জনগণৰ ওপৰত ক্লিনিক্যাল প্রয়োগ কৰিবলৈ অনক বিচাৰিছে।
দেশত কোনো প্রতিষেধকে অনুমতি পাবলৈ হ’লে সেইটো ইয়াত পৰীক্ষামূলক প্রয়োগত অনুমোদন পাব লাগিব।
কোনো প্রতিষেধকে স্থানীয় পৰীক্ষামূলক প্রয়োগৰ বাবে অনুমোদন দিয়াৰ ক্ষেত্রত ভাৰতত একমাত্র নিয়ন্ত্রক সংস্থা ডিসিজিআই । তৃতীয় পর্বৰ পৰীক্ষামূলক প্রয়োগত ফাইজাৰৰ ঔষধৰ ৯৫ শতাংশ কার্যকাৰিতা দেখা গৈছে।
যোৱা বুধবাৰেই বিশ্বৰ প্রথম দেশ হিচাপে ফাইজাৰৰ কৰোনা ভাইৰাছ টিকাক অনুমোদন দিছে ব্রিটেইনে।
এই সপ্তাহৰ পৰাই সেই দেশত টিকাকৰণ আৰম্ভ হ’ব বুলি জনাইছে ব্রিটেইনৰ চৰকাৰে। ব্রিটিছ নিয়ন্ত্রক সংস্থা এমএইচআৰএই জনাইছে, কোভিড-১৯ সংক্রান্ত অসুস্থতাৰ ক্ষেত্রত ৯৫ শতাংশ সুৰক্ষা প্রদানকাৰী এই টিকা, যি প্ৰয়োগ কৰাৰ ক্ষেত্রত নিৰাপদ। বাহৰেইন চৰকাৰেও সেই দেশত এই ভেক্সিন ব্যৱহাৰৰ অনুমতি দিছে।
