Breaking News

অসমত এনথ্ৰাক্স ৰোগৰ প্ৰাদুৰ্ভাৱ, কেইবাটাও হাতীৰ মৃত্যু

Outbreak of anthrax in Assam death of several elephants

ইষ্টাৰ্ন টাইমছ, গুৱাহাটী,১২ ডিচেম্বৰঃ কৰোনা মহামাৰীৰ প্ৰকোপ মাৰ নাযাওতেই অসমত বিয়পিছে এতিয়া এনথ্ৰাক্সৰ আতংক।

জানিব পৰা মতে, তিনিচুকীয়াৰ জয়পুৰ অভয়াৰণ্যৰ হাতীৰ মাজত বিয়পি পৰিছে ভয়াৱহ এনথ্ৰাক্স ৰোগ। এনথ্ৰাক্সত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে কেইবাটাও হাতী।

অভয়াৰণ্যখনত হঠাতে হাতীৰ মৃত্যু ঘটাৰ পিছত পশু চিকিৎসা বিভাগে ধৰা পেলাই এনথ্ৰাক্স ৰোগৰ অৱস্থিতি।

এনথ্ৰাক্সৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কে পশু চিকিৎসা বিভাগ ৯০ শতাংশ নিশ্চিত যদিও ফৰেনছিক বিভাগলৈও পঠিওৱা হৈছে ইয়াৰ নমুনা। কিন্তু ইতিমধ্যে পশু চিকিৎসা বিভাগ আৰু বন বিভাগে হস্তীকুল ৰক্ষাৰ বাবে আৰম্ভ কৰিছে অভিযান।

সংক্ৰমিত ৰোগ এনথ্ৰাক্সে অভয়াৰণ্যখনৰ আন জীৱ-জন্তুলৈ বিপদ মাতি অনাৰ আগতে ইয়াৰ প্ৰতিৰোধৰ বাবে বন বিভাগ সাজু থকাটো প্ৰয়োজনীয় হৈ পৰিছে।

উল্লেখ্য যে যোৱা সপ্তাহত পবিতৰাতো পোৱালি গঁড়কে ধৰি ৩টা গঁড়ৰ অস্বাভাৱিক মৃত্যু হৈছিল। এইক্ষেত্ৰত বিতং কাৰণ জানিব পৰা হোৱা নাই যদিও অস্বাভাৱিক মৃত্যুৱে আতংকিত কৰি ৰাখিছে প্ৰকৃতিপ্ৰেমীসকলক।

Vinkmag ad

Eastern Times

Read Previous

অসমতো সফল ভাৰত বন্ধঃ আন্দোলনকাৰীক গ্ৰেপ্তাৰ

Read Next

চৰকাৰৰ সকলো প্ৰস্তাৱ নাকচ, তীব্ৰতৰ হব কৃষক আন্দোলন

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.