ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ৬ নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ে অনুমোদন জনালে অসমত নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰা হব। অতি তাতপৰ্যপূৰ্ণ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
বৃহস্পতিবাৰে সাংবাদিকৰ আগত মন্ত্ৰীজন অতি স্পষ্টকৈ কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ গাথনীটোয়েই হৈছে ত্ৰ ুটিপূৰ্ণ। সেয়েহে আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছত উচ্চতম ন্যায়ালয়ে অনুমোদন জনালে অসমত পুনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰা যাব পাৰে বুলি মন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে।
আনহাতে প্ৰাক্তন এন আৰ চি সমন্বয়ক প্ৰতীক হাজেলা সন্দৰ্ভত বিষোদগাৰ কৰি মন্ত্ৰীজনে কয় যে অসমীয়া জাতিৰ সুৰক্ষা কৱচ ৰূপে পৰিচিত এন আৰ চি প্রকাশৰ নামত হাজেলাই কেৱল ধনহে লুণ্ঠন কৰিলে। নাগৰিকপঞ্জী প্রকাশৰ নামত প্রতীক হাজেলাৰ ভুলৰ বাবে এন আৰ চিত মোগলৰ নাম সোমাল বুলিও হিমন্ত কটাক্ষ কৰে।
তেওঁ কয় যে প্রতীক হাজেলাই এন আৰ চিখন এনেধৰণে প্রস্তুত কৰিলে যে বহু জিলাত চোৰেই পুলিচ হ’ল। দৰাচলতে ধুবুৰীৰ মানুহে গৈ শিৱসাগৰত এন আৰ চি কৰিব লাগিছিল আৰু শিৱসাগৰৰ মানুহ ধুবুৰীলৈ আহি এন আৰ চি কৰিব লাগিছিল।
এতিয়া ধুবুৰী, বৰপেটাত নিজে নিজৰ এন আৰ চি কৰিলে৷ প্রতীক হাজেলাই মৌলিকভাৱে এন আৰ চিখন ভুল কৰি থৈ গৈছে।
নির্বাচনৰ পাছত উচ্চতম ন্যায়ালয়ৰ অনুমতি লৈ নাগৰিকপঞ্জীখনৰ পুনৰ কাম–কাজ আৰম্ভ কৰা হ’ব।
আমি ন্যায়ালয়ৰ অনুমতি বিচাৰি আছোঁ, যাতে ১৫ শতাংশ পুনৰীক্ষণ কৰিব পাৰোঁ৷ আমি ধুবুৰীৰ মানুহেৰে শিৱসাগৰৰ আৰু শিৱসাগৰ–যোৰহাটৰ্ মানুহেৰে ধুবুৰীৰ এন আৰ চিৰ কাম–কাজ কৰিব বিচাৰিছোঁ৷ কিন্তু এবাৰ আমি ইয়াক পুনৰীক্ষণ কৰিব বিচাৰিছোঁ৷
