
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ বিপাঙত পৰিছে এনআৰচি ৰাজ্যিক সমন্বয়ক হীতেশ দেৱ শৰ্মা। নাগৰিকপঞ্জী সংক্ৰান্ত এনআৰচি সমন্বয়কৰ শেহতীয়া কাৰ্যকলাপক সন্দেহৰ আবৰ্তত ৰাখি দুই সপ্তাহ পিছত সমগ্ৰ বিষয়টোত শুনানী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে।
উল্লেখ্যে যে ন্যায়ালয়ৰ নীৰক্ষণ তথা তত্বাবধানত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত ‘অবৈধভাৱে’ নিজাববীয়াকৈ লোৱা কিছুমান সিদ্ধান্তৰ বিৰুদ্ধে জনৈক অধিবক্তা শৈবাল গুপ্তই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
বিগত বছৰৰ ৭ নৱেম্বৰত ৰুজু হোৱা উক্ত গোচৰৰ আজি শুনানী গ্ৰহণ কৰাৰ কথা আছিল যদিও অধিবক্তাৰূপী আবেদনকাৰীজন আজি অনুপস্থিত থাকে।
পিছে আবেদনকাৰীজনে শপতনামাযোগে দাখিল কৰা তথ্যপাতিৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এনআৰচি ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে থকা অভিযোগসমূহ পৰীক্ষা কৰাৰ বাবে দুই সপ্তাহ পিছত পুনৰ শুনানী গ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰে।
উল্লেখ্য যে যোৱা বছৰ বছৰ অক্টোবৰ মাহত এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হীতেশ দেৱ শৰ্মাই নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা অযোগ্য ব্যক্তিসকলৰ নাম কৰ্তন কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।
ৰাজ্যৰ জিলা উপায়ুক্তসকলক সমন্বয়ক হীতেশ দেৱ শৰ্মাই লগতে ডি-ভোটাৰ, বিদেশী ন্যায়াধীকৰণত যুঁজি থকা সন্দেহযুক্ত বিদেশী আৰু সন্দেহযুক্ত বিদেশী মা-দেউতাকৰ ১৪ বছৰৰ তলত থকা সন্তানৰ তালিকা প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল।
এনআৰচি সমন্বয়কজনৰ নিজাববীয়া এই নিৰ্দেশনা সম্পূৰ্ণৰূপে এনআচি সংক্ৰান্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী বুলি অভিযোগ উত্থাপিত হৈছে। আনকি বিৰোধী দল সংগঠনসমূহে হীতেশ দেৱ শৰ্মাৰ কাৰ্যকলাপক ন্যায়ালয়ৰ অবমাননা বুলিও অভিহীত কৰিছে।
এই পৰিপ্ৰেক্ষিতত দুই সপ্তাহ পিছত উচ্চতম ন্যায়ালয়ে এনআৰচি সমন্বয়কজনকলৈ কি সিদ্ধান্তত উপনীত হয় সেয়া লক্ষ্যনীয় বিষয় হব।
উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতককৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে ছোচিয়েল মিডিয়াত মতামত দাখিল কৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাঠগোৰাত থিয় হৈছে এনআৰচি সমন্বয়ক হীতেশ দেৱ শৰ্মা।
