ইষ্টাৰ্ন টাইমছ, ২২ নৱেম্বৰঃ সকলো হিচাপ-নিকাচ ওলট-পালট কৰি শণিবাৰে নিশা নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে আই এছ এলৰ দ্বিতীয়খন মেচত জয়লাভ কৰে। গোৱাত অনুষ্ঠিত দলটোৰ প্ৰথমখন মেচত নর্থ-ইষ্ট ইউনাইটেডে মুম্বাই চিটী এফ চিক ১–০ গ’লত পৰাস্ত কৰে।
আৰম্ভণিৰে পৰা আক্রমণ-প্রত্যাক্রমণৰে ভৰপূৰ মেচখনৰ প্রথমটো অর্ধ গ’লশূন্যভাৱে সামৰণি পৰিছিল যদিও দ্বিতীয়ার্ধৰ আৰম্ভণিতে নর্থ–ইষ্ট ইউনাইটেডে সফলতা অর্জন কৰিবলৈ সক্ষম হয়।
৪৯ মিনিটত বিদেশী তাৰকা কেউচি আপিয়াই এটা পেনাল্টী গ’ললৈ ৰূপান্তৰিত কৰি উত্তৰ-পূবৰ দলটোৰ জয় নিশ্চিত কৰে।
মন কৰিবলগীয়া যে মেচখনৰ ৪৩ মিনিটত ফাউলৰ বাবে ৰেড কার্ড লাভ কৰে মুম্বাই চিটী এফ চিৰ অন্যতম ভৰসা আহমেদ জাহুৱে। ইয়াৰ পাছত দলটোৱে ১০গৰাকী খেলুৱৈৰে খেলিবলগীয়া হয়।
দ্বিতীয়ার্ধত ইয়াৰ সুবর্ণ সুযোগ গ্রহণ কৰি নর্থ-ইষ্ট ইউনাইটেডে সফলতা অর্জন কৰিবলৈ সক্ষম হয়। এই জয়েৰে নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে সম্পূর্ণ তিনি পইণ্ট অর্জন কৰে।
ফিফাৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ তালিকাত মণিপুৰৰ ৰঞ্জিতা দেৱী আৰু মেঘালয়ৰ ৰিঅ’লাং ধাৰ
