
ইষ্টাৰ্ণ টাইম্ছ, নতুনদিল্লী: ষষ্ঠ দফাৰ বৈঠকতো সমাধান সূত্র পোৱা নগ’ল । কেন্দ্রীয় চৰকাৰে নতুন তিনিখন কৃষি আইন কোনোধৰণেই বাতিল কৰা নহ’ব বুলি জনাই দিছে ৪১টা কৃষক সংগঠনৰ প্রতিনিধিসকলক।
আৰু কৃষক প্রতিনিধিসকলৰ ফালৰ পৰা ভাৰতীয় কিষান ইউনিয়নৰ ৰাকেশ টিকায়েতে জনাইছে ‘কৃষকসকলে নৱবর্ষ পালন কৰিব ঘাইপথত।’
বুধবাৰে বিজ্ঞান ভবনত কৃষক প্রতিনিধি আৰু কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিসকলৰ মাজত চাৰি ঘন্টাৰ বৈঠকৰ শেষত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং তোমৰে কৈছে, ‘কৃষকসকলৰ যৌথ মঞ্চই আলোচনাৰ বাবে যি চাৰিটা বিষয় নির্দিষ্ট কৰি দিছিল তাৰ মাজৰ দুটা বিষয়ত উভয়পক্ষৰ মাজত ঐকমত্য হৈছে। তিনিখন কৃষি আইন বাতিল সম্পর্কে আমি কৈছো যে আইন কৰা যিমান কঠিন, বাতিল কৰাটোও সিমানেই কঠিন।
কিছু সংশোধন হ’বই পাৰে। আকৌ আলোচনা অনুষ্ঠিত হ’ব ৪ জানুৱাৰীত।’
আলোচ্যসূচী হিচাপে কৃষক সংগঠনসমূহে যি চাৰিটা বিষয় নির্দিষ্ট কৰিছিল সেইবোৰ হ’ল, এক, তিনিখন কৃষি আইন প্রত্যাহাৰ, দুই, সমগ্ৰ দেশতে ফচলৰ নূন্যতম সহায়ক মূল্য’ৰ আইনী স্বীকৃতি : তিনি, দিল্লী সংলগ্ন ৰাজ্যসমূহৰ বাবে দূষণ ৰোধ সম্পর্কিত অর্ডিনেন্সৰ পৰা কৃষকসকলক বাদ দিব লাগিব; চাৰি, ইলেক্ট্রিচিটি বিল-২০২০ বাতিল।
ইয়াৰ মাজত তিনি আৰু চাৰি নম্বৰ বিষয়ত ঐকমত্য হৈছে কেন্দ্রীয় কৃষিমন্ত্রীৰ ভাষ্য অনুযায়ী। অন্য দুটা বিষয়ক লৈ চৰকাৰৰ ফালৰ পৰা আলোচনাৰ বাবে স্টেকহোল্ডাৰসকলক লৈ কমিটি গঠনৰ প্রস্তাব দিয়া হৈছে।
এই প্রস্তাব দিয়াৰ সময়ত চৰকাৰী প্রতিনিধিসকলে সম্প্রতি ছুপ্রিম কোর্টে দিয়া পৰামর্শৰ কথা উল্লেখ কৰে।
যোৱা সপ্তাহত চলিত কৃষক আন্দোলনক লৈ কেইবাখনো আবেদনৰ ওপৰত শুনানিৰ সময়ত ছুপ্রিম কোর্টৰ প্রধান বিচাৰপতি এছ এ বোবদেই কৈছিল, চৰকাৰৰ উচিত সংশ্লিষ্ট সকলোকে লৈ এখন কমিটি গঠন কৰা আৰু সেই কমিটিৰ সুপাৰিশ কার্যকৰী কৰা।
যদিও তৃতীয় দফাৰ অলোচনাত দাবীবিলাকক লৈ আলোচনাৰ বাবে এখন কমিটি গঠনৰ চৰকাৰী প্রস্তাব পোনপটীয়াকৈ নাকচ কৰি দিছিলে কৃষক নেতাসকলে।
বুধবাৰৰ বৈঠকতো কমিটি গঠনৰ প্রশ্নত কৃষক নেতাসকলে পূর্ব সিদ্ধান্ততে অটল থাকে। বৈঠকত কৃষক প্রতিনিধিসকলে কয়, আজিৰ বৈঠকক লৈ সংগঠনসমূহৰ মাজত আলোচনা কৰি চৰকাৰক তেওঁলোকৰ সিদ্ধান্ত জনাই দিয়া হ’ব।
আজিৰ বৈঠকত কেন্দ্রীয় চৰকাৰৰ পক্ষত আছিল, ৰে’ল আৰু বাণিজ্য মন্ত্রী পীযুষ গোয়েল, কৃষিমন্ত্রী নৰেন্দ্র সিং তোমৰ আৰু ৰাষ্ট্রমন্ত্রী সোম প্রকাশ।
