
ইষ্টাৰ্ন টাইমছৰ প্ৰতিবেদনঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সোচ্চাৰ হল অসম জাতীয় পৰিষদৰ (এজেপি) সভাপতি লুৰীণজ্যোতি গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ জামিন আবেদন নাকচ কৰাৰ পাছতেই কৃষক নেতাজনক নিঃচৰ্ত ভাৱে মুক্তি দিয়াৰ বাবে লুৰীণজ্যোতিয়ে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই।
এজেপি সভাপতিৰ বক্তব্য– ‘অখিল গগৈক অতি ক্ষিপ্ৰতাৰে বিনাচৰ্তে মুকলি কৰি দিব লাগে।‘
অখিল গগৈক ইমান দিন বন্দী কৰি ৰখাটোৱে চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰ আৰু আক্ৰোশমূলক দৃষ্টিভংগীৰ বহিঃপ্ৰকাশ ঘটাইছে বুলি মন্তব্য কৰি লুৰীণে লগতে কয়, ‘চৰকাৰখনে বাৰেপতি অখিল গগৈক ষড়যন্ত্ৰ কৰি বাৰেপতি বন্দী কৰি ৰাখিব বিচাৰিছে। কোনো চৰ্ত আৰোপ নকৰাকৈ অখিল গগৈক শীঘ্ৰে মুক্তি দিব লাগে।‘
‘ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাই কৰোনাৰ কালছোৱাত এটা সিদ্ধান্ত হৈছিল যে যিবোৰ কাৰাৰুদ্ধ লোক আছে বা যিসকল দেশদ্ৰোহিতাৰ গোচৰত নাই সেইসকলক মুকলি কৰি দিব পাৰে‘– লুৰীণজ্যোতিয়ে বৃহস্পতিবাৰে বটদ্ৰৱাত সাংবাদিকৰ আগত এনেদৰে কয়।
এজেপি সভাপতিজনৰ বক্তব্য– অসমতো যিসকল বিদেশী নথি-পত্ৰ নোহোৱাৰ বাবে কাৰাৰুদ্ধ হৈ আছিল সেইসকলক নুন্যতম বণ্ডত চহী কৰি মুকলি কৰি দিলে। অথচ অখিল গগৈক মুকলি কৰি নিদিলে।
এয়া চৰকাৰৰ প্ৰতিশোধপৰায়ণতাৰ লক্ষণ বুলি লুৰীণজ্যোতিয়ে অভিযোগ উত্থাপন কৰে।
