
ইষ্টাৰ্ন টাইমছ, ১৬ অক্টোবৰ, গুৱাহাটীঃ ৫০ হাজাৰৰো অধিক গছপুলি ৰোপন কৰি আদৰ্শ দেখুৱাইছে নলবাৰীৰ নেলচন মেণ্ডেলাই ৷ পিছে কোন এই নেলচন মেণ্ডেলা?
নলবাৰীৰ নেলচন মেণ্ডেলা ৰূপে খ্যাত এজন সাধাৰণ লোক। যাৰ প্ৰকৃত নাম বীৰেণ দাস। বীৰেণ দাসৰ বাবে প্ৰকৃতিয়েই হৈছে প্ৰেমৰ অন্য এক নাম ৷
জীৱনটো উপভোগ কৰিবলৈ তেওঁক লাগে কেৱল এখন সেউজীয়া পৃথিৱী ৷ কেৱল সেউজীয়া ধৰণী ধুনীয়াৰ সপোনত বিভোৰ নলবাৰীৰ লোকজন ৷ পৃথিৱীখন সেউজীকৰণ কৰাৰ উদ্দেশ্যে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে লোকজনে ৷
ছাত্ৰ অৱস্থাৰ পৰা প্ৰকৃতিৰ প্ৰতি থকা মৰমৰ বাবে বিভিন্ন প্ৰান্তত গছপুলি ৰোপনৰে ধৰিত্ৰীক সেউজ কৰি তুলিছে বীৰেণ দাসে ৷ নলবাৰী চহৰৰ সমাপৱৰ্তী তেৰেছিয়াৰ পথৰ দুয়োকাষে শাৰীয়ে শাৰীয়ে গছ ৷ গছসমূহ ৰোপনৰ আঁৰৰ ব্যক্তিজন হৈছে বীৰেণ দাস ৷
পথটোত গছপুলি ৰোপনৰ লগতে পথছোৱাৰ নাম দিছে মেণ্ডেলা চ’ক ৷ ৭৪ বছৰীয়া লোকজনৰ আজি পৰ্যন্ত থাকিবলৈ এটা ভাল ঘৰ নাই যদিও আক্ষেপ নাই তেওঁৰ ৷ মাথো প্ৰকৃতিৰ সৌন্দর্যৰ প্ৰেমত বলীয়া হৈ ব্যস্ত থাকি ভাল পায় তেওঁ ৷
নিৰন্তৰভাৱে প্ৰকৃতিক ভালপোৱা ব্যক্তি গৰাকীয়ে নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ নামো ৰাখিছে “প্ৰকৃতি”। নলবাৰীৰ নেলচন মেণ্ডেলা কেৱল গছপুলি ৰুইয়ে নিজৰ দায়িত্ব সামৰা নাই ৷ সময়সাপেক্ষে গছপুলিসমূহ প্ৰতিপালন কৰিছে লোকজনে ৷ কোনেও অনিষ্ট কৰিব নোৱাৰাকৈ বাঁহেৰে বেৰ দিছে বীৰেণ দাসে ৷
বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বীৰেণ দাসক তেওঁৰ কৰ্মৰাজিৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰিছে। যি সময়ত কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনাই গছপুলি ৰোপন কৰি দায়িত্ব সামৰা চৰকাৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ অব্যাহত ৰখা
একাংশক বাধা প্ৰদান কৰিব পৰা নাই, সেই সময়তে নিজৰ একক প্ৰচেষ্টাত এই পৰ্যন্ত ৫০ হাজাৰৰো অধিক গছপুলি ৰোপন কৰি আদৰ্শ দেখুৱাইছে নলবাৰীৰ নেলচন মেণ্ডেলাই ৷ জিলাখনৰ উপৰিও বৰপেটাৰ ভবানীপুৰ, কোকৰাঝাৰ জিলাৰ লগতে ভিন্ন প্ৰান্তত গছ ৰোপন কৰিছে বীৰেণ দাসে।
উল্লেখযোগ্য যে অসমত অৰণ্য মানৱ যাদৱ পায়েঙৰ পিচতে এইগৰাকী ব্যক্তি, যিয়ে প্ৰকৃতিক সেউজ কৰি ৰখাৰ উদ্দেশ্য নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে ৷
