
ইষ্টাৰ্ন টাইমছ, ৯ অক্টোবৰ, নতুন দিল্লীঃ সভ্যতাৰ সংকট মাতি আনিছে কৰোনা অতিমাৰীয়ে। এক ভয়াৱহ অৰ্থনৈতিক সংকটৰ সমান্তৰালকৈ মানৱ জাতিৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে কৰোনা ভাইৰাছে। অতি উদ্বেগজনক বিষয়টো হৈছে কৰোনা ভাইৰাছৰ প্ৰত্যক্ষ তথা পৰোক্ষ প্ৰভাৱত মানৱজাতিৰ মৰণশীলতা বৃদ্ধি পোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে। সমগ্ৰ বিশ্বৰ সৈতে ভাৰতত তথা অসমতো ইয়াৰ বিৰূপ প্ৰভাৱ ক্ৰমশ প্ৰকট হৈ পৰিছে। কোভিড-১৯ৰ বাবেই অদূৰ ভৱিষ্যতত অসমত মৃত্যুৰ হাৰ কমেও ২.৩৯লৈ বৃদ্ধি পাব বুলি আশংকা ব্যক্ত কৰা হৈছে।
ষ্টেট বেংক অফ ইণ্ডিয়াৰ (এছ বি আই) অৰ্থনৈতিক গৱেষণা বিভাগৰ শেহতীয়া এক প্ৰতিবেদনত এই ভয়াৱহ আগজাননী প্ৰদান কৰা হৈছে। কোৱা হৈছে এই মুহূৰ্তত অসমত মৃত্যুৰ হাৰ (মৰণশীলতা) হৈছে ৬.৪০। অৰ্থাত প্ৰতি ১০০০ জন লোকাৰ বিপৰীতে অসমত মৃত্যু ঘটে ৬.৪০ জন লোকৰ। প্ৰতি ১ লক্ষ লোকৰ বিপৰীতে মৃত্যুৰ হাৰ হৈছে ৬৪০ জন। পিছে কৰোনা ভাইৰাছৰ গ্ৰাসত পৰি এই মুহূৰ্তত অসমত মৃত্যুৰ হাৰ হৈছে ৰাজ্যৰ প্ৰতি ১ লক্ষ লোকৰ ভিতৰত ২ জন। পিছে কৰোনা অতিমাৰীৰ প্ৰত্যক্ষ প্ৰভাৱত ৰাজ্যৰ অৰ্থনৈতিক বিপৰ্যয় যি ৰূপ লব গৈ আছে তাৰ বাবে কৰ্মসংস্থাপন হেৰুৱাই, খাদ্যৰ অভাৱত ৰাজ্যৰ প্ৰতি ১ লক্ষ লোকাৰ ভিতৰত ২৩৭ জন লোকে প্ৰাণ হেৰুৱাব পাৰে বুলি ষ্টেট বেংক অফ ইণ্ডিয়াৰ অৰ্থনৈতিক গৱেষণা বিভাগৰ প্ৰতিবেদনত আশংকা ব্যক্ত কৰা হৈছে।
এছ বি আয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা সৌম্য কান্তি ঘোষৰ তত্ত্ববধানত প্ৰস্তুত কৰা এই প্ৰতিবেদন অনুসৰি অদূৰ ভৱিষ্যতত অসমত মৃত্যুৰ হাৰ ৬.৪০ৰ পৰা বৃদ্ধি পাই হবগৈ ৮.৭৯। অৰ্থাত ৰাজ্যৰ প্ৰতি এক লক্ষ লোকাৰ ভিতৰত মৃত্যুৰ সংখ্যা বৰ্তমানৰ ৬৪০ৰ পৰা ৮৭৯ জনলৈ বৃদ্ধি পাব। কেৱল কৰোনা ভাইৰাছৰ প্ৰত্যক্ষ কিম্বা পৰোক্ষ প্ৰভাৱত ৰাজ্যৰ ২৩৯ জন অতিৰিক্ত লোক প্ৰাণ হেৰুৱাবলৈ বাধ্য হব। কাৰণ কৰোনা ভাইৰাছে মানুহৰ লগতে দেশৰ অৰ্থনীতিতো বিয়পি পৰিছে।
উল্লেখ্য যে কেৱল মাত্ৰ ২০২০-২১ বিত্তীয় বৰ্ষত কৰোনা অতিমাৰীৰ বাবে অসমৰ লোকচান হব ৩৪,৯৫২ কোটি টকা। অসমৰ মুঠ ঘৰুৱা উতপাদন যি প্ৰায় ১০ শতাংশ। এছ বি আয়ৰ গৱেষণালব্ধ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত অসমৰ প্ৰতিজন ব্যক্তিৰ গড় আয় ৯,৮০০ টকাকৈ হ্ৰাস পাব। যাৰ প্ৰত্যক্ষ প্ৰভাৱ মানুহৰ জীৱনশৈলীত পৰিবলৈ বাধ্য। স্বভাবতই পৰ্যাপ্ত আয়ৰ অভাৱত পুষ্টিহীনতাই গা কৰি উঠিব। আৰু ইয়াৰ প্ৰভাৱ পোনেপোনে পৰিব মানুহৰ সামগ্ৰিক জীৱনত। মৃত্যুও সহজ হৈ পৰিব অসমত।
বাস্তৱত কৰোনা অতিমাৰীৰ বাবে সমগ্ৰ দেশতেই মৃত্যুৰ হাৰ অদূৰ ভৱিষ্যতত বৃদ্ধি পোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে। লক্ষ্যনীয়ভাৱে এই মুহূৰ্তত সৰ্বাধিক মৰণশীলতাৰ নিৰিখত দেশৰ সপ্তমখন ৰাজ্য হৈছে অসম (৬.৪০)। পিছে কৰোনা অতিমাৰীৰ প্ৰত্যক্ষ তথা পৰোক্ষ প্ৰভাৱত সৰ্বাধিক মৰণশীল ৰাজ্য হিচাপে দেশৰ ভিতৰত অসমৰ স্থান হব গৈ আছে তৃতীয় (৮.৭৯)। অসমতকৈ মৃত্যুৰ হাৰ বেছি হব পৰা আন দুখন ৰাজ্য হৈছে ক্ৰমে উত্তৰ প্ৰদেশ (১০.১৭) আৰু উৰিষ্যা (৯.১০)।
