
ইষ্টাৰ্ন টাইমছ, নতুন দিল্লী, ১৬ ডিচেম্বৰঃ অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ বৈদ্যুতিক খণ্ডৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে ৬,৭০০ কোটি টকাৰ এক সংশোধীত পুঁজি নিৰ্ধাৰণ কৰিছে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক সংক্ৰান্ত কেবিনেট কমিটিৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উত্তৰপূৰ্বাঞ্চল শক্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্পৰ (নৰ্থ ইষ্টাৰ্ন ৰিজিঅন পাৱাৰ চিষ্টেম ইমপ্ৰ ুভমেন্ট প্ৰজেক্ট) অধীনত অহা বছৰ অৰ্থাত ২০২১ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত উক্ত বুজন পৰিমাণৰ ৰাশি ব্যৱহাৰ কৰি আন্তৰাজ্যিক বিদ্যুত যোগান ব্যৱস্থা শক্তিশালী কৰি তোলা হব।
লক্ষ্যনীয়ভাৱে অৰুণাচল প্ৰদেশক বাদ দি উত্তৰপূৰ্বাঞ্চলৰ ছয়খন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত এই আঁচনি ৰূপায়ণ কৰা হব।
কেবিনেট সিদ্ধান্তৰ পিছত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে বিদ্যুত খণ্ডৰ এই আঁচনিৰ জৰিয়তে সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱপৰ কৰি তোলা হব। আঁচনিটোয়ে উত্তৰপূৰ্বাঞ্চলত জনমূৰি বিদ্যুত ব্যয়ও বৃদ্ধি কৰিব।
মন কৰিব লগীয়া যে ২০১৪ চনৰ ডিচেম্বৰ মাহত সৰ্বপ্ৰথম বাৰৰ বাবে এই প্ৰকল্পটোত অনুমোদন জনোৱা হৈছিল যদিও বিশেষ অগ্ৰগতি লাভ কৰা নাছিল। বিশ্ব বেংক আৰু কেন্দ্ৰীয় চৰকাৰে পঞ্চাশ শতাংশকৈ ইয়াৰ ব্যয়ভাৰ গ্ৰহণ কৰিব বুলি চৰকাৰী প্ৰেছ বিজ্ঞপ্তিখনত প্ৰকাশ কৰা হৈছে।
