
ইষ্টাৰ্ন টাইমছ, গুৱাহাটী, ১৮ নৱেম্বৰঃ পুনৰ উত্তপ্ত হৈ উঠিছে অসম-মিজোৰাম সীমান্ত। অসমৰ ভূমি পুনৰ দখলৰ চেষ্টা চলাইছে মিজোৰামে।
সীমান্তৰ লাইলাপুৰত মিজো নাগৰিকে অসমৰ কেইবা কিলোমিটাৰলৈ ভূমি বেদখল কৰাৰ বাতৰি পোৱা গৈছে। কেৱল ভূমি বেদখল কৰাই নহয়, মিজো লোকসকলে লগতে ঘৰ-দলং নিৰ্মাণৰো কুচকাৱাজ চলাই থকা বুলি জানিব পৰা গৈছে।
অৱশ্যে কাছাৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ হস্তক্ষেপৰ বাবে সাময়িকভাৱে মিজোই নিৰ্মাণকাৰ্য বন্ধ ৰাখিছে। যদিও ইতিমধ্যে অসমৰ প্ৰায় ২ কিলোমিটাৰ অঞ্চল দখল কৰিছে মিজোৰামে।
আনহাতে কাছাৰ উপায়ুক্তৰ প্ৰবল বাধাৰ সন্মুখত মিজোই নিৰ্মাণকাৰ্য স্থগিত ৰাখিছে যদিও মংগলবাৰে নিশাৰে পৰা শ শ সাধাৰণ মিজো লোকৰ লগতে মিজো আৰক্ষীৰ এঠা দলো সীমান্তৱৰ্তী অঞ্চলটোত গোট খোৱাৰ বাতৰি পোৱা গৈছে। বুধবাৰে সমগ্ৰ দিনটো জুড়ি সীমান্তবৰ্তী অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে।
