Breaking News

বিজেপিলৈ সংখ্যালঘু নেতাৰ সোঁতঃ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক প্ৰত্যাহ্বান

জগদীশ হাজৰিকা, গুৱাহাটী,২৩ অক্টোবৰঃ কংগ্ৰেছ-এ আই ইউ ডি এফ নেতৃত্বাধীন মহাজোঁটক প্ৰত্যাহ্বান জনাবলৈ শাসনাধিষ্ঠি বিজেপি দলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷

ইতিমধ্যে গেৰুৱা দলটোৱে কেইবাজনো সংখ্যালঘু নেতা প্ৰাক্তন বিধায়কক দলত যোগদান কৰাইছে আৰু বহু কেইজন কংগ্ৰেছ আৰু এ আই ডি এফ নেতা আৰু প্ৰাক্তন বিধায়কে বিজেপি দলত যোগদান কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

বৰ্তমান বিধান সভাত বিজেপিৰ একমাত্ৰ সংখ্যালঘু প্ৰতিনিধি বৰাকৰ সোণাই সমষ্টিৰ আমিনুন হক লস্কৰ৷ সেয়ে আগন্তুক বিধান সভাত নিৰ্বাচনত কমেও ৬ জনৰ পৰা ৮ জন সংখ্যালঘু অধ্যুষিত সমষ্টিত বিধায়ক নিৰ্বাচিত কৰাই অনাৰ লক্ষ্য লৈছে৷ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ তথা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি মুমিনুল আৱালে গোৱালপাৰা পূৱ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লক্ষ্যৰে সমষ্টিত দলীয় কাম-কাজ আগবঢ়াই আছে৷

প্ৰাক্তন ইউ এম এফৰ বিধায়ক তথা বৰ্তমানৰ দলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খান আৰু অগপৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামেও মানকাছাৰ বা দক্ষিণ শালমাৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ তৎপৰতা অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে আমিনুল ইছলামে ২০১৮ চনতেই বিজেপি দলত যোগদান কৰিছে৷

কিছুদিন আগতে অগপৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু কংগ্ৰেছৰ মজিবুৰ ৰহমানে বিজেপিত যোগদান কৰিছে আৰু দুয়োগৰাকীয়ে দলীয় টিকটত ক্ৰমে ৰূপহীহাট আৰু ধিঙত প্ৰাৰ্থীত্বৰ দাবীদাৰ হৈ থিয় দিছে৷

পশ্চিম গোৱালপাৰা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমে ইতিমধ্যে বিজেপিত যোগদানৰ সম্পূৰ্ণ প্ৰস্তুতি হৈছিল যদিও দুই এক নেতাৰ বিৰুধীতাৰ বাবে সম্ভৱ হৈ উঠা নাই৷ ইয়াৰ উপৰিও এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ চাৰিজন প্ৰাক্তন বিধায়কে বিজেপিত যোগদান কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কুচকাৱাজ অব্যাহত ৰাখিছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ৰাজহুৱাভাৱে ঘোষণা কৰিছে৷

নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰতে সংখ্যালঘু এলেকাত ২০ খন সংখ্যালঘু সন্মিলন আয়োজন কৰা হ’ব আৰু এই সভা সমূহতে প্ৰাক্তন বিধায়ক তথা ভালেকেইগৰাকী সংখ্যালঘু নেতাই গেৰুৱা বস্ত্ৰ পৰিধান কৰিব৷

এনেকৈয়ে শাসনাধিষ্ঠি গেৰুৱা দল বিজেপিয়ে কংগ্ৰেছ আৰু এ আই ডি এফৰ নেতৃত্বত গঠিত মহাজোঁটৰ বিপৰীতে এক শক্তিশালী প্ৰত্যাহ্বান গঢ়ি কমেও ৬ জনৰ পৰা ৮ জন সংখ্যালঘু বিধায়ক নিৰ্বাচিত কৰি আনি বিজেপিৰ ১০০+ মিচন সফল কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷

Vinkmag ad

Eastern Times

Read Previous

অক্সফোৰ্ডৰ ক’ৰোনা ভেকচিনৰ ফলত স্বেচ্ছাসেৱকৰ মৃত্যু

Read Next

নুমলীগড়ৰ চাহ বাগিচাত এতিয়া প্ৰকাণ্ড জিৰাফৰ আবিৰ্ভাৱ!

Leave a comment

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

easterntimes will use the information you provide on this form to be in touch with you and to provide updates and marketing.